ব্ৰিটেইনে গঠন কৰিলে মহাকাশ সৈন্যদল, সম্ভাব্য যুদ্ধৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ মহাকাশৰ সুৰক্ষাৰ বাবে ব্ৰিটেইনে তৈয়াৰ কৰিছে নিজৰ সামৰিক সৈন্যদল। বাতৰি সংস্থা ‘দ্য ছান’ৰ প্ৰতিবেদন অনুসৰি, ৰয়েল এয়াৰ ফ’ৰ্চৰ টাইফুন ফাইটাৰ জেট মহাকাশ সেনাৰ কামত ব্যৱহাৰ কৰা হ’ব পাৰে।

ব্ৰিটেইনৰ সামৰিক সূত্ৰ অনুসৰি, এই সেনাই শত্ৰুপক্ষৰ কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰিব পাৰে ভৱিষ্যতৰ সম্ভাৱ্য যুদ্ধৰ সময়ত। এইক্ষেত্ৰত মহাকাশ কমাণ্ডোৰ জৰিয়তে ফাইটাৰ পাইলটক বিশেষ প্ৰশিক্ষণ দিয়া হ’ব।

চীন-ৰাছিয়াৰ দৰে ৰাষ্ট্ৰৰ সামৰিক তথ্য তথা যোগাযোগৰ মাধ্যম কৃত্ৰিম উপগ্ৰহ ধ্বংসৰ প্ৰশিক্ষণ দিব মহাকাশ সৈন্যসকলক।

উল্লেখ্য যে টাইফুন যুঁজাৰু বিমানৰ জৰিয়তে ৬০,০০০ ফুট উচ্চতাত এণ্টি-কৃত্ৰিম উপগ্ৰহ মিছাইল এৰিব পাৰে।

ইতিমধ্যে ৰাছিয়া আৰু চীনে এণ্টি-কৃত্ৰিম উপগ্ৰহ মিছাইল বিকশিত কৰিছে। এইক্ষেত্ৰত ব্ৰিটেইনেও খোজ পেলালে।

দেশখনে ইতিমধ্যে ৪৮ বছৰীয়া পল গডফ্ৰেক মহাকাশ সেনা কমাণ্ডাৰ হিচাপে নিযুক্তি দিছে।