যুৱ প্রজন্মৰ বাবে ক’ভিড মাৰাত্মক!

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ তৰুণ–তৰুণী তথা কম বয়সীয়া লোকসকল এবাৰ ক’ভিডত আক্রান্ত হোৱাৰ পাছত পুনৰ ক’ভিড সংক্রমিত হোৱাৰ সম্ভাৱনা প্রবল৷ শেহতীয়াকৈ চিকিৎসা জার্নাল লেনচেটৰ এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে৷ গতিকে ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে তৰুণ–তৰুণী তথা কম বয়সীয়া লোকসকলে ভেকচিন লোৱাটো অতি জৰুৰী বুলি লেনচেটে পৰামর্শ আগবঢ়াইছে৷ উল্লেখনীয় যে তিনি সহস্রাধিক লোকক লৈ জার্নালখনে এই সমীক্ষা চলাইছিল৷ ১৮ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰৰ মার্কিন মেৰিন বাহিনীৰ বহু স্বাস্থ্যৱান জোৱানক লৈ চলোৱা হৈছিল সমীক্ষা৷ তেতিয়াই এই তথ্য পোহৰলৈ আহিছে৷