ক’ভিডত আক্ৰান্ত কেজৰিৱাল

নিয়মীয়া বাৰ্তা, 4 জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেহত এইবাৰ ধৰা দিছে ক’ভিড ভাইৰাছ। আজি পুৱাই টুইটাৰযোগে এই কথা জনাইছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ দেহত সাধাৰণ লক্ষণহে দেখা দিছে। অৱশ্যে ঘৰতে আইছ’লেছনত থকাৰ কথাও জনাইছে। লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষণ কৰাবলৈও অনুৰোধ জনাইছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে পাঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সমাগত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ আছিল। ইপিনে, দিল্লীত হঠাৎ ক’ভিড পজিটিভৰ সংখ্যা অতিমাত্ৰা বৃদ্ধি পোৱাত সকলো শংকিত হৈছে।