কুকুৰৰ জন্মদিনত কাটিলে ১০০ কেজি ওজনৰ কেক; ভিডিঅ’ ভাইৰেল

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ প্ৰভুভক্ত বুলি কোৱা হয় কুকুৰক। মানুহে নিজৰ পোহনীয়া কুকুৰটোৰ বাবে কি যে কৰিব নোৱাৰে! কোনোবাই কুকুৰৰ বাবে লাখ টকাৰ কাপোৰ আনে আৰু কোনোবাই থাকিবলৈ বিলাসী ঘৰ সাজি দিয়ে। তেনে এক অনুৰূপ ঘটনাই পোহৰলৈ আহিছে কৰ্ণাটকৰ বেলাগাৱী জিলাত। ইয়াত এটা পৰিয়ালে নিজৰ পোহনীয়া কুকুৰটোৰ জন্মদিন এনেদৰে উদযাপন কৰিছিল যে ই এক আলোচনাৰ বিষয় হৈ পৰিছে।

বেলাগাৱী জিলাৰ শিৱপ্পা আৰু তেওঁৰ পৰিয়ালে নিজৰ পোহনীয়া কুকুৰ ক্ৰীছৰ জন্মদিনটো এনেদৰে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল যাতে গোটেই গাঁওখনে ভৱিষ্যতলৈ মনত ৰাখিব। যেতিয়া গাওঁখনৰ প্ৰায় ৪ হাজাৰ লোকলৈ ভোজৰ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছিল, তেতিয়া গাঁওৱাসীয়েও প্ৰথমতে একো বুজি পোৱা নাছিল। কিন্তু যেতিয়া কাৰ্যসূচী আৰম্ভ হ’ল, তেতিয়া গাঁৱৰ মানুহবোৰো আচৰিত হয়।

কুকুৰৰ জন্মদিন উদযাপনৰ বাবে প্ৰথমে ১০০ কেজিৰ এটা বৃহৎ কেক আনিছিল আৰু ডিজে পাৰ্টীৰো ব্যৱস্থা কৰিছিল। ক্ৰীছে কেক কাটি দিয়াৰ পিছতে গাওঁবাসীক শাক-পাচলি আৰু মাছে-মাংসই এটা বৰভোজ পৰিৱেশন কৰা হয়।