ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল দ্ৰৌপদী মুৰ্মুৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ দেশৰ ৰাষ্ট্রপতি নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী দ্রৌপদী মুর্মুয়ে আজি মনোনয়ন দাখিল কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে এনডিএৰ বহুকেইজন জ্য়েষ্ঠ নেতা, বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী দ্রৌপদী মুর্মু আৰু বিৰোধী দলৰ উমৈহতীয়া প্রার্থী যশৱন্ত সিন্হাৰ মাজত অহা ১৮ জুলাইত ৰাষ্ট্রপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা হ’ব৷

মন কৰিবলগীয়া যে যদি নির্বাচনত দ্রৌপদী মুর্মু নির্বাচিত হয়, তেতিয়াহ’লে তেওঁ হ’ব দেশৰ প্রথম জনজাতীয় মহিলা আৰু দেশৰ দ্বিতীয় মহিলা ৰাষ্ট্রপতি৷

Featured