বিতর্কিত মন্তব্যৰ বাবে অভিনেত্রী কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু

ইন্দিৰা গান্ধীয়ে মহৰ দৰে মাৰিছিল খালিস্তানীক

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ সমগ্র শিখ সম্প্রদায়ক খালিস্তানীৰ সৈতে তুলনা কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে খালিস্তানীক ভৰিৰে মোহাৰিছিল বুলি ইনষ্টাগ্রামত কৰা বিতর্কিত মন্তব্যৰ বাবে অভিনেত্রী কংগনাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিখ সম্প্রদায়৷ দেশৰ বিভিন্ন প্রান্তত অভিনেত্রীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ শিখ সম্প্রদায়ৰ লোকে এজাহাৰ দাখিল কৰিছে৷ আকালী দলৰ নেতা মনজিন্দৰ সিং ছিৰছাই অভিনেত্রী কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ছিৰছাই কংগনাক হয় কাৰগাৰ নহয়, মানসিক চিকিৎসালয়লৈ প্রেৰণৰো দাবী জনাইছে৷ দিল্লী শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা কমিটীয়ে ৰানাৱটে ইচছাকৃতভাৱে কৃষকৰ প্রতিবাদক খালিস্তানী বিদ্রোহৰ সৈতে তুলনা কৰি সমগ্র শিখ সম্প্রদায়ক অপমান কৰিছে বুলি অভিযোগ কৰি থানাত এজাহাৰ দাখিল কৰিছে৷

দিল্লী শিখ গুৰুদ্বাৰ কমিটীয়ে অভিনেত্রী কংগনাৰ পদ্মশ্রী ওভতাই আনিবলৈ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দক দাবী জনাইছে৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণা কৰাৰ পিছতে অভিনেত্রী কংগনাই ইনষ্টাগ্রাম আৰু টুইটাৰত কৃষক প্রতিবাদীৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, শিখ সম্প্রদায়ৰ কৃষকক খালিস্তানীৰ সৈতে তুলনা কৰি অশোভনীয় মন্তব্য আগবঢ়াইছে৷