কমলা হেৰিছক হত্যাৰ ভাবুকি, নাৰ্ছ গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছক হত্যাৰ ভাবুকি দিয়াৰ বাবে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। ফ্লৰিডাৰ বাসিন্দা অভিযুক্তগৰাকী পেছাত এগৰাকী নাৰ্ছ। কালি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

নিভেন পেটিট ফেল্পছ নামৰ এই নাৰ্ছগৰাকীয়ে ইচ্ছাকৃতভাৱে কমলা হেৰিছক হত্যা কৰাৰ ভাবুকি দিছিল বুলি স্বীকাৰ কৰিছে। ফেল্পছে ১৩ ৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক হত্যা আৰু শাৰীৰিকভাৱে ক্ষতি কৰাৰ ভাবুকি দিছিল।

তথ্য মতে, ফেল্পছে তেওঁৰ কাৰাগাৰত থকা স্বামীলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰিছিল। ভিডিঅ’টোত ফেল্পছে কেমেৰাৰ সন্মুখত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বিৰুদ্ধে অতি ক্ষুব্ধ সুৰত কথা কৈছিল আৰু কমলা হেৰিছক হত্যা কৰাৰ ভাবুকি দিছিল।

ফেল্পছে ভিডিঅ’টোত স্পষ্টভাৱে কয়- ‘কমলা হেৰিছ, আপুনি মৰিব। দিনগণনা আৰম্ভ কৰক। এতিয়াৰ পৰা ৫০ দিন। এই দিনটো চিহ্নিত কৰি ৰাখিব।’ এই ভিডিঅ’ কৰাৰ পিছতে দেশকনৰ আৰক্ষীয়ে অনুসন্ধান কৰি কালি নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য, নাৰ্ছগৰাকীয়ে কমলা হেৰিছক হত্যা কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে অস্ত্ৰৰ বাবেও আবেদন কৰিছিল বুলি আৰক্ষীয়ে জানিব পাৰে।