ৰাষ্ট্ৰপতি কাৰ্যালয়ত বহি পুনৰ হুংকাৰঃ মই লুকাই থকা নাই…

বিশেষ বাৰ্তা,৮ মাৰ্চঃ মই লুকাই থকা নাই, মই কালৈও ভয় কৰা নাই। এই বাৰ্তাৰে এটি ভিডিঅ’ পোষ্ট কৰিলে ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। যুদ্ধভূমিতে ৰৈ আছে তেওঁ। ভিডিঅ’টো তেওঁ কিয়েভৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা কৰিছে। ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই দেশখনত আক্ৰমণ আৰম্ভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে জেলেনস্কিক দেখা গৈছে ৰাষ্ট্ৰপতি কাৰ্যালয়ত। নিজৰ চকীত বহি বক্তব্যত তেওঁ কৈছে যে ইউক্ৰেইনী সেনাই নিজৰ অৱস্থান ধৰি ৰাখিছে। প্ৰতিটো কৰ্মক্ষেত্ৰত জড়িত সকলোৱে নিজৰ কাম কৰি গৈছে। সকলোৱে নিজৰ কৌশলেৰে যুঁজি আছে। তেওঁ কালৈও ভয় কৰা নাই, তেওঁলোক কেতিয়াও পিছুৱাই নাহে। আনহাতে, ৰাছিয়াৰ বাবে এই যুদ্ধ দুঃস্বপ্ন হ’ব।

Featured