আমেথিত এ কে–২০৩ ৰাইফল উৎপাদনৰ চুক্তিত স্বাক্ষৰ ভাৰত–ৰাছিয়াৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ভাৰত–ৰাছিয়াৰ ২১সংখ্যক বার্ষিক সন্মিলনত অংশগ্রহণৰ উদ্দেশ্যে সোমবাৰে নতুন দিল্লীত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ বিগত ২০১৯ চনৰ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্রপতি আৰু ভাৰতৰ প্রধানমন্ত্রী ব্রিকছ সন্মিলনৰ সময়ত মিলিত হোৱাৰ পাছত প্রথমবাৰৰ বাবে নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিন আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী বৈঠকত মিলিত হৈছে৷

ভাৰত আৰু ৰাছিয়াৰ সম্পর্ক প্রকৃততে ব্যতিক্রম বুলি আখ্যা দি প্রধানমন্ত্রী মোদীয়ে দুই দেশৰ সম্পর্ক অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিন ভাৰত ভ্রমণলৈ অহা বাবে প্রধানমন্ত্রী মোদীয়ে ভূয়সী প্রশংসা