প্ৰশাসনে বন্ধ কৰিলে ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ কৃষক-পুলিচৰ সংঘর্ষত ৰণক্ষেত্রত পৰিণত হয় দিল্লী৷ প্রজাতন্ত্র দিৱসৰ দিনা কৃষক বিক্ষোভৰ সাক্ষী হ’ল লালকিল্লাও।

দিল্লীৰ পৰিস্থিতি আৰু বেয়ালৈ গতি নকৰাৰ স্বাৰ্থত প্ৰশাসনে সংঘৰ্ষ হোৱা অঞ্চলসমূহত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে। চৰকাৰৰ পৰা পোৱা ইণ্টাৰনেট বন্ধৰ নিৰ্দেশৰ মেছেজ শ্বেয়াৰ কৰি এই বিষয়ে সকলোকে অৱগত কৰাই দিল্লীৰ উক্ত অঞ্চলৰ লোকে।