বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত আমেৰিকাত প্রতিবাদ

আজি জামিন আবেদনৰ শুনানি

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা অসম সন্তান অর্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি আজিলৈ ৰাখিলে বোম্বে উচ্চ ন্যায়ালয়ে৷ বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি কালি বিয়লি ৩ বজাত বোম্বে উচ্চ ন্যায়ালয়ে গ্রহণ কৰে৷ দুবছৰ পুৰণি গোচৰ এটাক পুনৰ মুকলি কৰি মুম্বাই–ৰায়গড় আৰক্ষীয়ে মুম্বাইস্থিত বাসভৱনৰ পৰা আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰা বিশিষ্ট সাংবাদিক গোস্বামীৰ জামিন আবেদনৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে অধিবক্তা হৰিশ ছালভে৷ অধিবক্তা ছালভেই গোচৰ পুনৰ মুকলি কৰা বাবে মুম্বাই আৰক্ষীয়ে চি জে এমৰ কোনো অনুমতি নোলোৱা প্রসংগ উল্লেখ কৰাৰ লগতে আলিবাগ আদালতৰ নিৰীক্ষণত গোস্বামীক গ্রেপ্তাৰ কৰাটো বে–আইনী বুলি নির্দেশটোকো উত্থাপন কৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ মহাৰাষ্ট্রৰ মন্ত্রালয়ৰ সন্মুখত থকা গান্ধীৰ প্রতিমূর্তিৰ তলত গোস্বামীক গ্রেপ্তাৰ আৰু প্রহাৰ কৰা ঘটনাৰ বিৰুদ্ধে অনশন কৰা বিজেপি বিধায়ক ৰাম কদমক মুম্বাই আৰক্ষীয়ে আটক কৰিছে৷ দেশৰ লগতে বিদেশতো গোস্বামীক মুক্তিৰ দাবীত প্রতিবাদ অব্যাহত আছে৷ আমেৰিকা যুক্তৰাষ্ট্রত গোস্বামীৰ মুক্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল প্রবাসী ভাৰতীয়৷ ছানফ্রান্সিস্কো চহৰত প্রবাসী ভাৰতীয়ই গোস্বামীক শীঘ্রে মুক্তিৰ দাবী কৰি উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্র চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি গৰিহণা দিয়ে৷