বিএমচিৰ বিৰুদ্ধে কংগনাৰ আবেদনৰ শুনানি হ’ব ২২ ছেপ্টেম্বৰত

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ মায়ানগৰী মুম্বাইত অভিনেত্রী কংগনা ৰানাৱটৰ কার্যালয় বিৰহাম মুম্বাই পৌৰ নিগম (বিএমচি)এ ভঙা কার্যক লৈ উত্তপ্ত হৈছে মহাৰাষ্ট্রৰ ৰাজনীতি৷ মহাৰাষ্ট্র চৰকাৰৰ সৈতে মতানৈক্য অব্যাহত থকা কংগনা ৰানাৱটে কালি পালিহিলস্থিত কার্যালয় পৌৰ নিগমে ভঙা বিষয়টোৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে৷ এই আবেদনত স্থগিতাদেশ দিয়ে ন্যায়ালয়ে৷

ইফালে, কালি অভিনেত্রীগৰাকীয়ে বিএমচিয়ে ভাঙি পেলোৱা কার্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ উচ্চ ন্যায়ালয়ে অভিনেত্রীগৰাকীৰ আবেদনৰ শুনানি ২২ ছেপ্ঢেম্বৰত গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ লক্ষণীয়ভাৱে অভিনেত্রীগৰাকীৰ কার্যালয় ভঙা বিষয়টোক লৈ দেশজুৰি প্রতিক্রিয়া সৃষ্টি হোৱাৰ সময়তে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে স্থিতি সলনি কৰি কৈছে যে এই কার্যালয় ভঙা কার্যৰ সৈতে শিৱসেনাৰ কোনো সম্পর্ক নাই৷

বিএমচিয়েহে এই বিষয়টো সন্দর্ভত উত্তৰ দিবলৈ সক্ষম হ’ব বুলি ঘোষণা কৰিছে ৰাউটে৷ লক্ষণীয়ভাৱে কংগনাৰ পিছতে ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্রাৰ বাসগৃহ অবৈধভাৱে নির্মাণ কৰা বুলি জাননী প্রেৰণ কৰিছে বিএমচিয়ে৷ কংগনাক কেন্দ্র কৰি এতিয়া উত্তাল হৈছে দেশৰ ৰাজনীতি৷ হিমাচলৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰে উল্লেখ কৰিছে যে প্রদেশখনৰ দুহিতাক অসন্মান কৰা কার্যক সহজভাৱে লোৱা নহ’ব৷