বৈচিত্রময় ভাৰত! জানেনে, কর্ণাটকৰ একাধিক মন্দিৰত প্রসাদ হিচাপে দিয়া হয় ভাং?

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ অতুলনীয় ভাৰত। সমগ্ৰ বিশ্বৰ ভিতৰতে এনে এখন বৈচিত্রময় দেশ বিচাৰি পোৱাটো কঠিন।

এফালে কর্ণাটক আৰক্ষীয়ে মাদক দ্ৰব্য ব্যৱহাৰকাৰিসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বিপৰীতে আনদিশে সেই ৰাজ্যতেই মন্দিৰসমূহত প্রসাদ হিচাপে ভক্তক দিয়া হয় ভাং!

শুনি আচৰিত লাগিলেও এয়াই সত্য। সকলো যেন মায়াৰ খেল। ভাং বা গাঞ্জা (Marijuana) সেবন কৰাটো অপৰাধ। মূলত সাধু বা সাধকসকলেই মাদক সেবন কৰা দেখা যায় তেনে স্থানত। কিন্তু কর্ণাটকৰ মন্দিৰসমূহৰ দৃশ্য আন মন্দিৰসমূহতকৈ কিছু পৃথক, য’ত ভক্তৰ হাতে হাতে তুলি দিয়া হয় ভাং।

য়াদগিৰ জিলাৰ থিন্থিনীত অবস্থিত মৌনেশ্বৰ মন্দিৰত এনে দৃশ্য অত্যন্ত স্বাভাবিক। প্রতিদিনেই প্রসাদৰ ওপৰি, প্রতি বছৰে জানুৱাৰী মাহত অনুষ্ঠিত পূজাতো পোৱা যায় বিশেষ প্রসাদ। প্রত্যেককে প্রসাদ হিচাপে দিয়া হয় এক পেকেট গাঞ্জা।