ভাৰত-আমেৰিকাৰ সম্পর্কৰ অৱনতি, আজি মোদী-বাইডেনৰ বৈঠক

বিশেষ বাৰ্তা, ১১ মে’ ঃ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে আজি বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ, পাকিস্তানত ইমৰান খান চৰকাৰৰ পতন তথা শ্রীলংকাৰ আর্থিক সংকটৰ মাজতে মোদী আৰু বাইডেনে এই ভার্চুয়েল বৈঠক চলিব। ভাৰতৰ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে মূলতঃ দ্বিপাক্ষিক বিষয়ক সহযোগিতা সন্দৰ্ভত দুই ৰাষ্ট্রনেতাৰ মাজত আলোচনা হ’ব। উল্লেখনীয় যে, বিগত ২৪ ফেব্রুৱাৰীত ইউক্রেইন-ৰাছিয়াৰ সামৰিক অভিযান আৰম্ভ কৰাৰ পাছৰ পৰাই ভাৰত-আমেৰিকাৰ সম্পর্কৰ অৱনতি হৈছে। মস্কো-কিয়েভৰ যুদ্ধক লৈ নতুন দিল্লীৰ অৱস্থান সন্দৰ্ভত বহুকেইবাৰ প্রশ্ন তুলিছে ৱাশ্বিংটনে।