নেচনেল জি’গ্রাফিকৰ চর্চিত আফগান যুৱতীক ইটালীৰ আশ্রয়

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ১৯৮৫ চনত নেচনেল জি’গ্রাফিক আলোকচিত্রৰে গৃহভূমি আফগানিস্তানৰ যুদ্ধৰ প্রতীক হৈ পৰা ‘সেউজ চকুৰ’ যুৱতী শ্বাৰবাত গুলাক ইটালীয়ে আশ্রয় দান কৰিছে৷ ইটালীৰ প্রধানমন্ত্রী মাৰি’ ড্রাঘিৰ কার্যালয়ে কালি এক বিবৃতিত সদৰী কৰা অনুসৰি, গুলাৰ বাবে নিৰাপদ আশ্রয়গৃহ হ’ব ইউৰোপীয় দেশখন৷ উল্লেখনীয় যে তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে শ্বাৰবাত গুলাই গৃহভূমি পৰিত্যাগ কৰাৰ ক্ষেত্রত বিশ্ববাসীৰ সহায়ভিক্ষা কৰিছিল৷ গুলাৰ এই অনুৰোধৰ প্রতি ইতিবাচক সঁহাৰি প্রদান কৰিছে ইটালীয়ে৷