চীনত এইবাৰ ব্রুচেল’ছিছৰ সংহাৰী ৰূপ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   ক’ভিড–১৯ মহামাৰী ৱুহানৰ পৰা বিশ্বজুৰি ব্যাপিত হোৱাৰ পিছত এইবাৰ চীনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে এবিধ মাৰাত্মক বেক্টেৰিয়াৰ দ্বাৰা সংক্রমিত ৰোগ ব্রুচেল’ছিছে৷ দেশখনৰ গানছু প্রদেশৰ ৰাজধানী লানঝুৰ স্বাস্থ্য আয়োগে সদৰী কৰা অনুসৰি যোৱা বছৰ ৩,২৪৫গৰাকী লোক ব্রুচেল’ছিছত আক্রান্ত হৈছিল৷ উল্লেখনীয় যে পশুৰ পৰা ব্রুচেলা নামৰ বেক্টেৰিয়াবিধ মানৱ দেহলৈ সংক্রমিত হোৱাৰ ফলত ভয়ংকৰ ধৰণে আক্রান্ত হয় লোকসকল৷ চিএনএনৰ প্রতিবেদনত সদৰী হৈছে এই তথ্য৷ উত্তৰ–পশ্চিম চীনত যোৱা বছৰ এক বায়’ফার্মাচিউটিকেল কোম্পানীৰ পৰা ব্রুচেলা বেক্টেৰিয়াৰ সংক্রমণ ঘটিছিল পোহনীয়া পশুলৈ৷ যোৱা বছৰ জুলাই আৰু আগষ্ট মাহত এই বেক্টেৰিয়াবিধৰ সংক্রমণৰ পিছতেই স্বাস্থ্য আয়োগে ইয়াৰ প্রভাৱ মাৰাত্মক হ’ব পাৰে বুলি ঘোষণা কৰিছিল৷ অৱশ্যে এতিয়ালৈকে কোনো এগৰাকী লোকৰ এই ৰোগত মৃত্যু হোৱা নাই৷ এতিয়ালৈকে লানঝু চহৰৰ ২.৯ নিযুত জনসংখ্যাৰ ভিতৰত ২১,৮৪৭গৰাকীৰ ওপৰত ইয়াৰ পৰীক্ষা চলোৱা হৈছে৷ লক্ষণীয়ভাৱে এই ৰোগবিধক মাল্টা জ্বৰ বা মেডিটেৰিয়ান ফিভাৰ বুলিও জনা যায়৷ প্রচণ্ড মূৰৰ বিষ, মাংসপেশীৰ পীড়া, জ্বৰ আৰু ক্লান্তি হৈছে ইয়াৰ মূল লক্ষণ৷ বর্তমান চীনা চহৰখনত ১১,৪০১গৰাকী লোক এই ৰোগত আক্রান্ত হৈছে৷ অৱশ্যে মানুহৰ পৰা মানুহলৈ ইয়াৰ সংক্রমণ যথেষ্ট কম৷ আমেৰিকাৰ ৰোগ নিয়ন্ত্রণ আৰু প্রতিৰোধ কেন্দ্র (চিডিচি)ৰ তথ্য অনুসৰি এই ৰোগবিধে বিভিন্ন সময়ত আর্থাইটিছ বা জড়তাৰ সৃষ্টি কৰিব পাৰে৷ বেক্টেৰিয়াৰ পৰা হোৱা ব্রুচেল’ছিছৰ ফলত মানুহৰ উর্বৰা শক্তি নাইকিয়া হ’ব পাৰে বুলি সতর্কবাণী কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷ গতিকে ইয়াৰ ব্যাপক সংক্রমণে ক’ভিড–১৯তকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷

Featured