প্রতিৱেশী ৰাষ্ট্রৰ আগ্রাসন বীৰত্বৰে ভেটিছে আমাৰ সেনাই

ৰাম নাথ কোৱিন্দ

মৰমৰ দেশবাসী, নমস্কাৰ
৭৪সংখ্যক স্বাধীনতা দিৱসৰ পূর্ব সন্ধিয়াত দেশ–বিদেশত থকা সকলো ভাৰতীয় জনসাধাৰণলৈ অশেষ অভিনন্দন আৰু শুভকামনা জনালোঁ৷ আমাৰ তৰুণ প্রজন্মৰবাবে এয়া স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰাৰ দিন৷ এই উপলক্ষে আমি আমাৰ স্বাধীনতা সংগ্রামৰ বীৰ সেনানীৰবলিদানক কৃতজ্ঞতাৰ সৈতে সুঁৱৰোঁ৷ বীৰ সেনানীৰ বলিদানৰ বাবেই আমি সকলোৱে আজি এক স্বাধীন দেশত বসবাস কৰিব পাৰিছোঁ৷ আমাৰ স্বাধীনতা সংগ্রামৰ আদর্শৰ ভেটিতেই নির্মাণ হ’বলৈ ধৰিছে আধুনিক ভাৰত৷ আমাৰ দূৰদর্শী ৰাষ্ট্রনায়কসকলে নিজৰ বিভিন্ন চিন্তাধাৰাক ৰাষ্ট্রীয়তাৰ একেডাল সূতাতেবান্ধিছিল৷ আমি সৌভাগ্যশালী যে মহাত্মা গান্ধী আমাৰ স্বাধীনতা আন্দোলনৰ পথ প্রদর্শক আছিল৷ তেওঁৰ ব্যক্তিত্বত আমি এজন সন্ত আৰু এজন ৰাজনেতাৰ সমন্বিত ৰূপ দেখা পাওঁ আৰু এয়া কেৱল ভাৰতৰ ভূমিতহে সম্ভৱ৷ সামাজিক সংঘর্ষ, আর্থিক সমস্যা আৰু জলবায়ু পৰিৱর্তনৰদ্বাৰা সমস্যা জর্জৰিত আজিৰ বিশ্বইগান্ধীজীৰ শিক্ষাত সমাধান লাভ কৰে৷ সমতা আৰু ন্যায়ৰ বাবে তেওঁৰ দায়বদ্ধতাই হ’ল আমাৰ গণতন্ত্রৰ মূলমন্ত্র৷ চলিত বর্ষৰ স্বাধীনতা দিৱস পূর্বৰ দৰে ধুমধামেৰে পালন কৰা নহ’ব৷ ইয়াৰ কাৰণ স্পষ্ট৷ সমগ্র বিশ্ব এনে এক ঘাতক ভাইৰাছৰ সৈতে যুঁজত লিপ্ত হৈছে যিয়ে জনজীৱনৰব্যাপক ক্ষতি কৰিছে আৰু এইধৰণৰ কার্যসূচীত প্রতিবন্ধকৰ সৃষ্টি কৰিছে৷ এই প্রত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে পূর্বানুমানৰ ভিত্তিত সময় থাকোঁতেই কার্যকৰী পদক্ষেপ গ্রহণ কৰি যথেষ্ট সকাহ প্রদান কৰিছে৷ ৰাষ্ট্রৰ সেই সকলো চিকিৎসক, নার্ছ তথা অন্য স্বাস্থ্য–কর্মীসকলৰ্ ওচৰতো আমি ঋণী, যিয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত সন্মুখৰ শাৰীৰ পৰা নেতৃত্ব দিছে৷ দুর্ভাগ্যবশতঃ তেওঁলোকৰ অনেক যোদ্ধাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰি নিজৰ জীৱনবলিদান দিছে৷ তেওঁলোক হ’ল আমাৰ ৰাষ্ট্রৰ আদর্শসেৱা– যোদ্ধা৷ এই সময়ছোৱাত পশ্চিমবংগ আৰু ওডিশাত ‘আম্ফান’ ঘূর্ণিবতাহে বিস্তৰ ক্ষতিসাধন কৰিলে, যাৰ দ্বাৰা প্রত্যাহ্বান অধিকতীব্রতৰ হ’ল৷ পূর্বোত্তৰ আৰু পূবৰ ৰাজ্যসমূহৰ বাসিন্দাসকলেবানৰ প্রকোপৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই মহামাৰীৰ সবাতোকৈ কঠোৰ প্রহাৰ দুখীয়া আৰু দৈনিক শ্রমনির্ভৰশীলসক ওপৰত পৰিছে৷ সংকটৰ এই সময়ছোৱাত তেওঁলোকক সাহায্য প্রদানৰ বাবে, ভাইৰাছৰ নিয়ন্ত্রণত প্রয়াসৰ সৈতে অনেক জনকল্যাণমুখী পদক্ষেপ গ্রহণ কৰা হৈছে৷ কেৱল নিজৰ বাবে নহয় বৰঞ্চ সমগ্র বিশ্বৰ কল্যাণৰ হকে পদক্ষেপ গ্রহণ কৰাটো ভাৰতৰ এক প্রাচীন পৰম্পৰা৷ ভাৰতৰ আত্মনির্ভৰতাৰ অর্থ হ’ল স্বয়ং সক্ষম হোৱা, বিশ্বৰ পৰা বিচ্ছিন্ন হোৱা নহয়৷ আজি বিশ্বৰ জনগণে ‘বসুধৈৱ কুটুম্বকম’ অর্থাৎ ‘সমগ্র বিশ্বই এটাই পৰিয়াল’ –সেই বিশ্বাসক স্বীকাৰ কৰিছে যি আমাৰ পূর্বৰে পৰা পৰম্পৰা হিচাপে চলি আহিছিল৷ কিন্তু আজি যেতিয়া বিশ্বৰ জনগণৰ সন্মুখত সৃষ্টি হোৱা সবাতোকৈবৃহৎ প্রত্যাহ্বানৰ সৈতে ঐক্যবদ্ধ হৈ সংঘর্ষ কৰাৰ সময় আহি পৰিছে, তেতিয়াই আমাৰ প্রতিৱেশীয়ে নিজৰ সম্প্রসাৰণবাদী গতিবিধি অতি চতুৰালিৰে বাস্তৱায়িত কৰাৰ দুঃসাহস কৰিছে৷ সীমাৰ সুৰক্ষাত আমাৰ সাহসী জোৱানে নিজৰ প্রাণত্যাগ কৰিবলগীয়া হৈছে৷ ভাৰত মাতাৰ সেইবীৰপুত্রই ৰাষ্ট্রৰ গৌৰৱৰ বাবেই জীৱন ধাৰণ কৰিছে আৰু তাৰবাবেই নিজৰ প্রাণবলিদান দিছে৷ সমগ্র দেশবাসীয়ে গালৱান ঘাটিৰ বলিদানক শিৰ দেদাৱাই সেৱা কৰিছে৷ কোনোৱে যদি অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকক উচিত প্রত্যুত্তৰ দিয়া হ’ব৷ আমাৰ সন্তান আৰু যুৱ সমাজৰ ভৱিষ্যতৰ প্রয়োজনীয়তা অনুসৰি শিক্ষা প্রদান কৰাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ ‘ৰাষ্ট্রীয় শিক্ষা নীতি’ প্রণয়ন কৰা সিদ্ধান্ত গ্রহণ কৰিছে৷ শ্রীৰাম জন্মভূমি সম্পর্কীয় ন্যায়িক প্রকৰণকো সমুচিত ন্যায় প্রক্রিয়াৰ অধীনত সমাধান কৰা হৈছে৷ সকলো পক্ষ আৰু দেশবাসীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সম্পূর্ণ সন্মানৰ সৈতে স্বীকাৰ কৰিছে আৰু শান্তি, অহিংসা, প্রেম তথা সৌহার্দ্যৰ জীৱন মূল্যবোধক বিশ্বৰ সন্মুখত পুনৰ স্থাপিত কৰিছে৷ ইয়াৰ বাবে মই সমূহ দেশবাসীক শুভেচ্ছা জনাইছোঁ৷ আমাৰ ওচৰত বিশ্ব সম্প্রদায়ক দিবলৈবহুত কিবাকিবি আছে, বিশেষকৈ বৌদ্ধিক, আধ্যাত্মিক আৰ বিশ্বশান্তিৰ ক্ষেত্রত৷ এই মংগলৰ ভাবনাৰ সৈতে মই সমগ্র বিশ্বৰ কল্যাণৰ বাবে প্রার্থনা জনাইছেছা–
সর্বেভৱন্তু সুখিনঃ, সর্বেসন্তু নিৰাময়াঃ৷
সর্বে ভদ্রাণি পশ্যন্তু, মাকচ্ছিত্ দুখভাগ্ ভৱেত৷
অর্থাৎ সকলো সুখী থাকক, সকলো ৰোগমুক্ত হৈ থাকক৷ পুনৰবাৰ আপোনালোক সকলোকে ৭৪সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আপোনালোক সকলোৰে সুস্বাস্থ্য তথা সুন্দৰ ভৱিষ্যতৰ কামনা কৰিছোঁ৷ ধন্যবাদ, জয়হিন্দু৷ (সংক্ষিপ্ত ৰূপ)

Featured