বোৱাৰীৰ কোঠাত অসংযত অৱস্থাত ৩ যুৱক! ধৰা পেলালে শহুৰেকে

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ গহপাৰা জিলাত এক আচৰিত ঘটনা পোহৰলৈ আহিছে। গুলৰিহা অঞ্চলৰ এখন গাঁৱত মঙলবাৰে নিশা এটা ঘৰত তিনিজন যুৱকক গাঁওবাসীয়ে বোৱাৰীৰ কোঠাত আপত্তিজনক পৰিস্থিতিত ধৰা পেলায়।

প্ৰথমতে শহুৰেকে প্ৰত্যক্ষ কৰে আৰু চিঞৰ-বাখৰ কৰাত কাষৰীয়া গাঁওবাসীয়ে কোঠাটোৰ পৰা অসংযত অৱস্থাত যুৱককেইজনক উদ্ধাৰ কৰে। পাছত প্ৰহাৰ কৰি আৰক্ষীক গতাই দিয়ে। ইপিনে যুৱককেইজনৰ পৰা ছুৰী উদ্ধাৰ কৰা হৈছে।

এই সমগ্ৰ ঘটনাৰ পাছত বোৱাৰীগৰাকীৰ চৰিত্ৰক লৈও বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰক্ষীয়ে ইতিমধ্যে বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।