নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ ঝিনজিয়াঙত উইঘোৰ মুছলমানসকলৰ বিৰুদ্ধে অমানৱীয় আতিশয্য চলাই অহা বুলি বিশ্বজুৰি অভিযোগৰ সন্মুখীন হোৱা চীনৰ বিৰুদ্ধে এইবাৰ পুনৰ মানৱাধিকাৰ উলংঘনৰ চাঞ্চল্যকৰ অভিযোগ প্রকাশ পাইছে৷ তিব্বতত হাজাৰ হাজাৰ লোকক শ্রমিক শিবিৰত আবদ্ধ হ’বলৈ বাধ্য কৰাইছে৷ জেমছটাউন ফাউণ্ডেচন নামৰ সংস্থাটোৱে সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে প্রশিক্ষণৰ কেন্দ্রস্বৰূপ এই শিবিৰসমূহত তিব্বতী লোকসকলক দাসৰ দৰে খাটিবলৈ বাধ্য কৰিছে চীনে৷ ইতিমধ্যে এই সন্দর্ভত উপগ্রহ ছবি সংগ্রহ কৰা হৈছে৷ বিভিন্ন নথিৰ পৰাও তিব্বতী লোকৰ বিৰুদ্ধে চীনৰ আতিশয্য চলি থকা বিষয়টো সংস্থাটোৱে স্পষ্ট কৰিছে৷ জেমছটাউন ফাউণ্ডেচনৰ তথ্য লাভ কৰাৰ পিছতে সংবাদ সংস্থা ৰয়টাৰে ইয়াক লৈ প্রকাশ কৰিছে এক প্রতিবেদন৷ চীনৰ স্বায়ত্তশাসিত অঞ্চল তিব্বতৰ মূলতঃ বৌদ্ধ ধর্মাৱলম্বী লোকসকলৰ ওপৰত সঘনে আতিশয্য চলাই অহা বুলি পূর্বৰে পৰা মানৱ অধিকাৰ সংস্থাসমূহে অভিযোগ কৰি আহিছে৷ শেহতীয়াকৈ তিব্বত তথা ঝিনজিয়াঙৰ এগৰাকী নিৰপেক্ষ গৱেষক আড্রিয়ান জেনজৰ প্রতিবেদন অনুসৰি প্রায় ৫ লাখ তিব্বতী লোকৰ ওপৰত বর্তমান চলিছে আতিশয্য৷