নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিব্বতত লোকক শ্রমিক শিবিৰত আবদ্ধ কৰিছে চীন চৰকাৰে

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  ঝিনজিয়াঙত উইঘোৰ মুছলমানসকলৰ বিৰুদ্ধে অমানৱীয় আতিশয্য চলাই অহা বুলি বিশ্বজুৰি অভিযোগৰ সন্মুখীন হোৱা চীনৰ বিৰুদ্ধে এইবাৰ পুনৰ মানৱাধিকাৰ উলংঘনৰ চাঞ্চল্যকৰ অভিযোগ প্রকাশ পাইছে৷ তিব্বতত হাজাৰ হাজাৰ লোকক শ্রমিক শিবিৰত আবদ্ধ হ’বলৈ বাধ্য কৰাইছে৷ জেমছটাউন ফাউণ্ডেচন নামৰ সংস্থাটোৱে সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে প্রশিক্ষণৰ কেন্দ্রস্বৰূপ এই শিবিৰসমূহত তিব্বতী লোকসকলক দাসৰ দৰে খাটিবলৈ বাধ্য কৰিছে চীনে৷ ইতিমধ্যে এই সন্দর্ভত উপগ্রহ ছবি সংগ্রহ কৰা হৈছে৷ বিভিন্ন নথিৰ পৰাও তিব্বতী লোকৰ বিৰুদ্ধে চীনৰ আতিশয্য চলি থকা বিষয়টো সংস্থাটোৱে স্পষ্ট কৰিছে৷ জেমছটাউন ফাউণ্ডেচনৰ তথ্য লাভ কৰাৰ পিছতে সংবাদ সংস্থা ৰয়টাৰে ইয়াক লৈ প্রকাশ কৰিছে এক প্রতিবেদন৷ চীনৰ স্বায়ত্তশাসিত অঞ্চল তিব্বতৰ মূলতঃ বৌদ্ধ ধর্মাৱলম্বী লোকসকলৰ ওপৰত সঘনে আতিশয্য চলাই অহা বুলি পূর্বৰে পৰা মানৱ অধিকাৰ সংস্থাসমূহে অভিযোগ কৰি আহিছে৷ শেহতীয়াকৈ তিব্বত তথা ঝিনজিয়াঙৰ এগৰাকী নিৰপেক্ষ গৱেষক আড্রিয়ান জেনজৰ প্রতিবেদন অনুসৰি প্রায় ৫ লাখ তিব্বতী লোকৰ ওপৰত বর্তমান চলিছে আতিশয্য৷

You might also like