প্ৰতি ২ মিনিটৰ মূৰে মূৰে গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ হয় মৃত্যুঃ প্ৰতিবেদন

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ প্ৰতি দুইমিনিটৰ মূৰে মূৰে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত এগৰাকী মহিলাৰ মৃত্যু হয়। এই চাঞ্চল্যকৰ প্ৰতিবেদন ৰাষ্ট্ৰসংঘই বৃহস্পতিবাৰে দাখিল কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০ বছৰত মাতৃৰ মৃত্যুৰ হাৰ এক তৃতীয়াংশ হ্ৰাস পোৱাৰ পিছতো এনে হৈছে।

বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থাসমূহৰ এক প্ৰতিবেদন অনুসৰি ২০ বছৰৰ ভিতৰত সামগ্ৰিকভাৱে মাতৃৰ মৃত্যুৰ হাৰ ৩৪.৩ শতাংশ হ্ৰাস পাইছে। ২০০০ চনত এক লাখ সন্তান জন্মৰ সময়ত ৩৩৯ গৰাকী মহিলাৰ মৃত্যু হৈছিল। ২০২০ চনত এই সংখ্যা ২২৩ লৈ হ্ৰাস পায়। এইদৰে ২০২০ চনত প্ৰতিদিনে প্ৰায় ৮০০ গৰাকী মহিলাৰ মৃত্যু হয়। এই পৰিসংখ্যা অনুসৰি প্ৰতি দুইমিনিটৰ মূৰে মূৰে গৰ্ভাৱস্থাৰ লগত জড়িত জটিলতাৰ বাবে এগৰাকী মহিলাৰ মৃত্যু হয়।

প্ৰতিবেদন অনুসৰি বেলাৰুছত এনে ঘটনাৰ অভিলেখ হ্ৰাস পাইছে, য’ত ৯৫.৫ শতাংশ হ্ৰাস পাইছে। একে সময়তে ভেনিজুৱেলাৰ অৱস্থাও অতি বেয়া। মৃত্যুৰ অধিকাংশ ঘটনাই ইয়াতেই সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ গ্ৰেব্ৰেছিয়াছে কয় যে গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ বাবে এক ৰোমাঞ্চকৰ, আশাবাদী আৰু ইতিবাচক অভিজ্ঞতা হ’ব লাগে যদিও এতিয়াও লাখ লাখ মহিলাৰ বাবে ই এক বিপদজনক অভিজ্ঞতা হৈয়েই আছে।

Featured