দূৰ্বল প্ৰদৰ্শন স্বত্তেও বিজ্ঞানত চাহিদা কমা নাই কোহলিৰ, আয় কিমান জানে

বিশেষ বাৰ্তা, ১৩ মেঃ প্রায় এবছৰ ধৰি বেটত ৰাণ নাই বিৰাট কোহলিৰ। তেওঁৰ দূৰ্বল প্ৰদৰ্শনৰ চৰ্চা কম হোৱা নাই ক্রিকেট মহলত। আনকি আই পি এলৰ পিছত দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিবলগীয়া টি-২০ তো জিৰণি দিয়া হ’ব পাৰে কোহলিক। এই ছন্দপতনে প্রভাৱ পেলাইছে নেকি তেওঁৰ বাণিজ্যিক চুক্তিত? এটি সমীক্ষাৰ তথ্য অনুসৰি মুঠেও পৰা নাই। বেটেৰে ৰান নাহিলেও কোহলিৰ লক্ষ্মী লাভ বিৰামহীন। মার্চ মাহত শেষ হোৱা বিত্তীয় বৰ্ষত বিভিন্ন বিজ্ঞাপনৰ পৰা ভাৰতীয় দলৰ প্রাক্তন অধিনায়কে আয় কৰিছে প্রায় ২৪০ কোটি টকা। খেলুৱৈ জীৱনৰ শেষ প্রান্তত আহিও বিজ্ঞাপনৰ বাবদ আয়ৰ তুংগত থকা উদাহৰণ কম নাই ক্রীড়া বিশ্বত। বর্তমান খেলুৱৈসকলৰ ভিতৰত লিওনেল মেচী, ক্রিষ্টিয়ানো ৰোনাল্ডো, ৰজাৰ ফেডেৰাৰ এই ক্ষেত্রত উজ্জ্বল উদাহৰণ। খেলত দূৰ্বল প্ৰদৰ্শনৰ পাছতো বিজ্ঞাপন জগতত কোহলিৰ আকাশচুম্বী চাহিদা। বিশ্বৰ প্রথম ১০০ জন দামী ক্রীড়াবিদৰ তালিকাত একমাত্র ক্রিকেটাৰ কোহলি। যোৱা মার্চত শেষ হোৱা বিত্ত বৰ্ষত তেওঁ আয়ৰ দিশৰ পৰা ৰৈছে ৬১ নম্বৰত। বিৰাট কোহলীয়ে পুমা স্প’ৰ্টছৱেৰ, হিৰো টু-হুইলাৰ, এম আৰ এফ টায়াৰ, অ’ডি কাৰ্ড, মাইণ্ট্ৰা, আমেৰিকান টুৰিষ্টাৰ লাগেজ, ভিভ’ স্মাৰ্টফোন আৰু হাইপেৰিছ ৱেলনেছকে ধৰি ৩০টাতকৈও অধিক ব্ৰেণ্ডৰ বিজ্ঞাপন কৰে।