গুলমাৰ্গত ভাৰতীয়া সেনাৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

নিয়মীয়া বাৰ্তা,২৭ জানুৱাৰী : ভাৰতীয় সেনাৰ সৈন্যৰ লগতে গুলমাৰ্গৰ স্থানীয় নেচনেল কেডেট কৰ্পছৰ কেডেট আৰু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জম্মু-কাশ্মীৰৰ গুলমাৰ্গ খণ্ডত ৭৪তম গণৰাজ্য দিৱস উদযাপন কৰে।  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ভাৰতীয় সেনাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অস্ত্ৰ প্ৰদৰ্শনৰ লগতে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানটি সম্পন্ন কৰে। এই কাৰ্যসূচী গেলেন্টি বঁটা বিজয়ী কৰ্ণেল গুৰপ্ৰীত সিং,এছ এমৰ ভাষণেৰে পতাকা উত্তোলন আৰু অস্ত্ৰ প্ৰদৰ্শনেৰে আৰম্ভণি হয়। অনুষ্ঠানটোত জিডিএ ৰ চি ই অ’ আৰু এছ এইচ অ’,বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে।