গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডলৈ সাজু বকোৰ বিহুৱা-বিহুৱতী

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : অসমীয়াৰ বাপতিসাহোন আদৰৰ বিহুটিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চৌদিশে আখৰাত ব্যস্ত বিহুৱা-বিহুৱতী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপ জিলাৰ বকোতো চলিছে বিহুৱা বিহুৱতীৰ আখৰা।বকোৰ বনগাঁৱত সোমবাৰৰ পৰা অনুষ্ঠিত বিহুৱা-বিহুৱতীৰ আখৰাস্থলীত উপস্থিত হয় পৰ্যৱেক্ষক তথা বিহুৰ ওজা সোমনাথ বড়া আৰু কামৰূপৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। উল্লেখ্য যে ৰাজ্য চৰকাৰে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ প্ৰয়াসেৰে আয়োজন কৰা এই বিশ্ব অভিলেষ প্ৰয়াসী অনুষ্ঠানটোত দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও আৰু পলাশবাৰীৰ পৰা ২১৪গৰাকী নাচনী আৰু ৫০গৰাকী ঢুলীয়া পেঁপা আৰু গগনা বাদকে। এই অনুষ্ঠানত উপস্থিত ছয়গাঁও চক্ৰ বিষয়া সৰোজ সোনোৱাল,বনগাঁও খণ্ড উন্নয়ন বিষয়া গুলচান্দ চুলতানা আৰু বকো ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া দীপা তালুকদাৰ। ঢোলৰ ওজা সোমনাথ বড়াই সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন, সেই সপোন মোৰ বহু আগৰ পৰাই আছিল। সেই সপোনক তেওঁ সহযোগ কৰিছে আৰু তেওঁ সেই সপোনটো সাৰ্থক কৰিব বিচাৰিছে। সেই উদ্দেশ্যে ১৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীত এক অনুষ্ঠান হব। সেই অনুষ্ঠানত ১১০০০ শিল্পীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠান পৰিবেশন কৰিব। তাৰ বাবে এতিয়া প্ৰস্তুতি তুংগত হৈ উঠিছে। ইতিমধ্যে জিলাই জিলাই আখৰা আৰম্ভ হৈছে। মই ভাৱো নিশ্চয় আমি ১৪ তাৰিখে সফল হম। আজি বকোত বহুত ভাল লাগিছে। বহু বিহুৱতীয়ে সুন্দৰ বিহু প্ৰদৰ্শন কৰিছে। বিশেষকৈ বিহুৱতীক প্ৰশিক্ষক কেইগৰাকীয়ে বহুত ভালকৈ প্ৰশিক্ষণ দিছে। আমি আশা কৰিছো আমাৰ কামৰূপ গ্ৰাম্যৰ পৰা অংশগ্ৰহণ কৰিব লগা ৬০০ বিহুৱা বিহুৱতীয়ে ভাল ফলাফল দেখুৱাব। ইয়াৰ লগতে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক কয় যে ইয়াত আহি বহুত ভাল লাগিছে। পৰিৱেশটো বৰ সুন্দৰ। মোক সোমনাথ বড়াই কৈছে বিহুৱতীবোৰে বৰ্তমান বৰ উৎকৃষ্টমানৰ বিহু প্ৰদৰ্শন কৰিছে। যি এটা সৰু আসোঁৱাহ আছে বাকী কেইদিনৰ আখৰাত ঠিক হৈ যাব। সাংবাদিকে গামোচা বিতৰ্ক সন্দৰ্ভত সোধাত মন্ত্ৰীগৰাকীয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকি কয় যে আজি আমি বিতৰ্কৰ মাজত নোসোমাওঁ। আমি কেৱল ১৪ এপ্ৰিলত সফল হব লাগে। সোমনাথ বড়াই আজিৰ ২৫খন দেশলৈকে অসমীয়াৰ চেনেহৰ বিহু আৰু ঢোলক আগুৱাই লৈ গৈছে। আমি সোমনাথ বড়াৰ ঢোল বাদন দেখিছো। লগতে মন্ত্ৰীগৰাকীয়ে সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া ২০০১ চনক ভিত্তি কৰি লোৱা সন্দৰ্ভত সোধাত কয় যে এতিয়া ৰাজহুৱা শুনানি জাৰি কৰা হব। তালিকা ওলোৱাৰ আগত সকলো ৰাজনৈতিক দলৰে মতামত লৈছে।সমষ্টি নিৰ্ধাৰন সুন্দৰকৈ হব। মুখ্যমন্ত্ৰীয়ে বহুত সুন্দৰকৈ সকলোৰে লগত আলোচনা কৰিছে।সকলোৰে সন্তোষজনকভাৱে এই প্ৰক্ৰিয়াৰ কাম হব বুলি আমি আশা কৰিছো।
প্ৰেৰক প্ৰীতম বায়ন
Featured