বাদুলি সংৰক্ষণ : ঢকুৱাখনাৰ প্ৰবীণ-বুবুলৰ প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : ঢকুৱাখনা মহকুমাৰ বৰদৈ ন-পামত এজাক ওলমা বাদুলিৰ দৃষ্টি নন্দন দৃশ্য পথিকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।এজোপা শিমলু গছত দোঁ খাই ওলমি আছে এজাক বাদুলি।ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ কাষৰ এজোপা শ বছৰীয়া পুৰণি শিমলু গছক আশ্ৰয়স্থল হিচাপে বাছি লৈছে অসংখ্য বাদুলিয়ে। ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰে যোৱা যাত্ৰীসকলে খন্তেক ৰৈ চাই যায় এই বিৰল প্ৰজাতিৰ বাদুলিৰ জাকটো। স্থানীয় লোকে জানিবলৈ দিয়া মতে বিদেশী পৰ্যটকেও বিভিন্ন সময়ত এই বাদুলি বিলাকৰ ফটো সংগ্ৰহ কৰি লৈ যায়। উল্লেখ্য যে বৰদৈ ন-পাম গাঁওৰ দুই ভাতৃ ক্ৰমে প্ৰবীণ বৰুৱা আৰু বুবুল বৰুৱাৰ লগতে তেওঁলোকৰ পৰিয়ালটোৱে বিগত ২০বছৰো অধিক কাল ধৰি হাজাৰ হাজাৰ বাদুলিক সংৰক্ষণ কৰি আহিছে।পৰিয়ালটোৰ বাৰীত থকা শিমলু গছজোপা আশ্ৰয়স্থল হিচাপে বাচি লৈছে বাদুলিৰ জাকটোৱে। পৰিয়ালটোৰ পূৰ্বপুৰুষ সকলেও বাদুলি সমূহক বাৰীত আশ্ৰয় প্ৰদান কৰিছিল আৰু তাহানিৰে পৰা বাৰীত থকা বৃহৎ শিমলু গছ জোপা এতিয়া আপোন ঘৰ হৈ পৰিছে বাদুলিবোৰৰ। প্ৰবীণ বৰুৱাৰ পৰিয়ালটোৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈ, প্ৰতি গৰাকী সদস্যই বাদুলিখিনিক লৈ এতিয়া আনন্দিত আৰু গৌৰৱান্বিত।সন্ধিয়া হাজাৰ হাজাৰ বাদুলি খাদ্যৰ সন্ধানত দূৰ-দূৰণি লৈ জাকে জাকে উৰি যোৱা দৃশ্য আৰু কাহিলী পুৱা জাক পাতি উভতি অহা দৃশ্যৰ লগতে বাদুলিৰ কলৰেৱে তেওঁলোকক বিমল আনন্দ দি আহিছে। পুৱা পৰিয়ালটোৰ ঘড়ীৰ এলাৰ্মৰ প্ৰয়োজন নহয়, বাদুলিৰ কলৰবত সাৰ পায় প্ৰতিদিনে পুৱা।বিভিন্ন শব্দৰে কোলাহল সৃষ্টি কৰি থকা বাদুলি বিলাকক লৈ স্থানীয় লোকসকলো সুখী। পুৱা উঠি এই বাদুলি বিলাকৰ শব্দ শুনিলেহে ভাল লাগে বুলি স্থানীয় বহুজনে মন্তব্য কৰিছে। কিছুবছৰ পূৰ্বে একাংশ অসাধু লোকে বাদুলি চিকাৰৰ চেষ্টা কৰিছিল যদিও আজিলৈ বাদুলিখিনিৰ ক্ষতি হবলৈ দিয়া নাই পৰিয়ালটোৱে । এতিয়া অৱশ্যে কোনেও বাদুলি চিকাৰৰ চেষ্টা নকৰে। সেয়ে এতিয়া নিৰাপদে হাজাৰ হাজাৰ বাদুলি আশ্ৰয় গ্ৰহণ কৰি আছে পৰিয়ালটোৰ বাৰীত। সাধাৰণতে বাদুলিৰ আশ্ৰয় গ্ৰহণৰ বাবে ওখ ওখ গছৰ প্ৰয়োজন। কিন্তু বৰ্তমান ওখ ওখ গছবোৰ মানুহে কাটি ধ্বংস কৰাৰ ফলত তেনে গছ কমি গৈছে। যাৰ বাবে বাদুলিৰ আশ্ৰয় স্থলো নোহোৱা হৈছে। ইয়াৰ মাজতে ঢকুৱাখনাৰ বৰদৈ ন-পামৰ দুই ভাতৃ প্ৰবীণ বৰুৱা আৰু বুবুল বৰুৱাৰ বাদুলি সংৰক্ষণৰ এই নিদৰ্শন সঁচাই প্ৰশংসনীয়।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured