ক’ভিড আক্ৰান্ত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ ক’ৰোনাত আক্ৰান্ত হৈছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু। RT-PCR টেষ্ট কৰাৰ পিছতে টুইটযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কোনোধৰণৰ ক’ৰোনাৰ লক্ষণ নাই মুখ্যমন্ত্ৰীগৰাকীৰ। নিজকে সুস্থ বুলিও মন্তব্য কৰে। তেওঁ কয় যে মই বৰ্তমান নিজকে আছুতীয়াকৈ ৰাখিছো। মোৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকেই ক’ভিড টেষ্ট কৰাৰো আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।