চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপিতৰ বাতৰি অসত্য : ৰিজিজু

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৫ এপ্রিলঃ অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰাৰ বাতৰি সত্য নহয়। আজি নতুন দিল্লীত সাংবাদিকৰ আগত বিষয়টোক লৈ বিতৰ্ক সৃষ্টিকাৰী কিৰেণ ৰিজিজুৱে খোদ স্পষ্টীকৰণ দি কয় যে অসমৰ লগতে দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ বাবে এটা দুষ্টচক্ৰই অপপ্ৰচাৰ চলাই আছে। লগতে তেওঁ কেতিয়াও চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপন কৰা হব বুলি বিবৃতি প্ৰদান কৰা নাই। কেৱল সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলিহে ৰিজিজুৱে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ কয় যে অৰুণাচল প্ৰদেশ হৈছে এশ শতাংশ জনজাতীয় ৰাজ্য। তাত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হব নোৱাৰে। সেয়েহে দেশৰ অন্যান্য ৰাজ্যত শৰণাৰ্থীসকলক স্থায়ীভাবে তথা কা-ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানেৰে সংস্থাপিত কৰিব পাৰি নে নাই সেই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ সহায় বিচৰা বুলি জানিবলৈ দিয়ে। আনহাতে ইনাৰ লাইন পাৰ্মিট থকা অৰুণাচল প্ৰদেশত ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত কংগ্ৰেছ চৰকাৰহে অবৈধভাৱে চাকমা আৰু হাজংসকলক অৰুণাচল প্ৰদেশত শৰণাৰ্থী হিচাপে আশ্ৰয় প্ৰদান কৰিছিল। কংগ্ৰেছৰ উক্ত ভুলৰ বাবেই ৰাজ্যখনত সময়ে সময়ে শৰণাৰ্থীসকলৰ সৈতে থলুৱাসকলৰ সংঘাত সৃষ্টি হৈ আহিছে। এতিয়া শৰণাৰ্থী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ সহায় বিচৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী কেৱল অসমৰে নেতা নহয়, তেওঁ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰো এগৰাকী ডাঙৰ নেতা। অঞ্চলটোৰ বিভিন্ন সমস্যা তেওঁ সময়ে সময়ে সমাধান কৰি আহিছে। তাৰ বাবেই তেওঁৰ ওচৰত অৰুণাচলৰ শৰণাৰ্থী সমস্যাৰ সমাধানৰ বাবে আমি আবেদন জনাইছো। এয়া নহয় যে আমি বিচাৰিছো যে অৰুণাচলৰ চাকমা আৰু হাজংসকলক অসমতে সংস্থাপন দিয়া হওক। অসমত এতিয়া নিৰ্বাচন চলি আছে। আৰু নিৰ্বাচনী বতৰত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ড০ হিমন্ত বিশ্ব শৰ্মাক বদনাম কৰাৰ বাবেই এইবোৰ ভুৱা বাতৰি বিয়পাই থকা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদজনে অভিযোগ উত্থাপন কৰে।

প্ৰেৰক কল্লোল ভৌমিক

Featured