অৰুণাচলৰ কাহোক দেশৰ প্রথম সীমান্তৱর্তী গাঁও ঘোষণা

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ভাৰত–চীন সীমান্তৱর্তী আঞ্জাও জিলাৰ এখন গাঁৱক ভাৰতৰ প্রথম সীমান্তৱর্তী গাঁও হিচাপে বাছনি কৰিছে অৰুণাচল প্রদেশ চৰকাৰে৷ ইটানগৰৰ পৰা ৫৮০ কিলোমিটাৰ নিলগৰ ভাৰত–চীন সীমান্তৰ পৰা মাত্র ২৫ কিলোমিটাৰ আঁতৰত অৱস্থিত এই গাঁওখন৷ লোহিত নদীৰ পাৰত অৱস্থিত এই গাঁওখনৰ নাম কাহো৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অৰুণাচল প্রদেশ চৰকাৰে গাঁওখনক দেশৰ প্রথমখন সীমান্তৱর্তী গাঁও হিচাপে বাছনি কৰি তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা ১২জনীয়া বিষয়ববীয়াৰ দল এটা গাঁওখনলৈ প্রেৰণ কৰিছিল৷ গাঁওখনত আছে ৬৫টা পৰিয়াল৷ ২০১১ চনত লোকপিয়ল অনুসৰি গাঁওখনত শিক্ষিত লোকৰ হাৰ হৈছে ৬৪.১৫ শতাংশ৷ প্রচলিত তথ্য অনুসৰি চীন সীমান্তৰ অন্য ৭খন গাঁৱৰ ভিতৰত কাহো অন্যতম৷ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়ববীয়াৰ দলটো গাঁওখনত গৈ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে৷

স্মর্তব্য যে ১৯৬২ চনত গাঁওখনৰ বাসিন্দাসকল চীনা যুদ্ধৰ ভয়াৱহ দৃশ্যৰ সাক্ষী হৈছিল৷ তেতিয়াই তেওঁলোকে চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাক বিভিন্ন ধৰণে সহায় কৰিছিল৷ এই কথা প্রকাশ কৰিছে অৰুণাচল প্রদেশৰ জনসংযোগ বিভাগৰ সঞ্চালক দেশ্বৰ টেচিয়ে৷ সঞ্চালকগৰাকীয়ে এই কথাও সদৰী কৰে যে গাঁওখনৰ লোকসকল তিব্বতী বৌদ্ধ ধর্মাৱলম্বী৷ গাঁওখনৰ পূর্বৰ বাসিন্দাসকলৰ প্রতিজনেই দেশৰ স্বাধীনতা সংগ্রামত অংশগ্রহণো কৰিছিল৷