৫খন আসনৰ চাৰিখনতেই বিজেপি বিজয়ী

মণিপুৰৰ উপ নির্বাচনত বৃহৎ সাফল্য

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ সোমবাৰে অনুষ্ঠিত ১১খন ৰাজ্যৰ ৫৮টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে৷ উত্তৰ–পূর্বাঞ্চলৰ মণিপুৰত ৫টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপ–নির্বাচনতো বৃহৎ সাফল্য লাভ কৰিছে বিজেপিয়ে৷ এই পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিতে বিজেপিৰ প্রার্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ আনটো সমষ্টিত জয়লাভ কৰিছে নির্দলীয় প্রার্থীয়ে৷ ভাৰতীয় নির্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপি প্রার্থী ক্রমে ঐনাম লুখয় সিঙে ৱাংগই, ইনগিনছুৱানহাওৱে সিংহাট সমষ্টি, এনগামথাং হাউকিপে ছাইটু আৰু পাওনাম ব্রজেন সিঙে ৱাংজিং টেন্থা বিধানসভা সমষ্টিত জয়লাভ কৰিছে৷ আনহাতে, লিলং সমষ্টিত নির্দলীয় প্রার্থী ৱাই আণ্টাছথানে বিজয় সাব্যস্ত কৰিছে৷ পাওনাম ব্রজেন সিঙে ১৫,১৪৭টা, ঐনাম লুখয় সিঙে ১০,৯৬০টা, এনগামথাং হাউকিপে ১৭,০১৪টা ভোট লাভ কৰিছে৷ নির্দলীয় প্রার্থী ৱাই এণ্টাছ খানে লাভ কৰিছে ১৭,১০৬টা ভোট৷ এই বিজয়ৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে এয়া বিজেপিৰ বাবে এক বৃহৎ সাফল্য বুলি উল্লেখ কৰে৷ তেওঁ কয়– ‘মণিপুৰ বিজেপিয়ে উপ–নির্বাচনত চাৰিটা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু এই চাৰিটাত জয়লাভৰ জৰিয়তে মণিপুৰবাসীয়ে পুনৰ এবাৰ বিজেপিৰ নীতি–আদর্শৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বৰ প্রতি আস্থা প্রদর্শন কৰিলে৷’

ইফালে, মণিপুৰত বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰাৰ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ টুইটাৰযোগে ড০ শর্মাই কয়– ‘মণিপুৰবাসীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি পুনৰ এবাৰ আস্থা প্রদর্শন কৰিছে৷ উপ–নির্বাচনত ৫খন আসনৰ চাৰিখনত জয়লাভৰ জৰিয়তে বিজেপিয়ে উল্লেখনীয় সাফল্য লাভ কৰিছে৷’ উল্লেখ্য যে যোৱা ৭ নৱেম্বৰত ৰাজ্যখনত উপ–নির্বাচন অনুষ্ঠিত হৈছিল৷ উত্তৰ–পূর্বাঞ্চলৰ আন এখন ৰাজ্য নাগালেণ্ডৰ দুটা বিধানসভা সমষ্টিত অনুষ্ঠিত উপ–নির্বাচনত এনডিপিপিয়ে এখন আসন লাভ কৰাৰ বিপৰীতে এখন আসন লাভ কৰে নির্দলীয়ই৷ আনহাতে, ছত্তিশগড়ত অনুষ্ঠিত এখন আসনৰ উপ–নির্বাচনত কংগ্রেছে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে হাৰিয়ানাৰ এখন আসনৰ উপ–নির্বাচনতো কংগ্রেছ প্রার্থীয়ে জয়লাভ কৰে৷ লক্ষণীয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটত অনুষ্ঠিত ৮টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত ৮টাতেই শাসকীয় বিজেপিয়ে জয়লাভ কৰে৷ তেনেদৰে বিজেপিশাসিত কর্ণাটকতো অনুষ্ঠিত হৈ যোৱা দুখন আসনৰ উপ–নির্বাচনত বিজেপিয়ে জয়লাভ কৰে৷ ওড়িশাৰ দুই বিধানসভা সমষ্টিত অনুষ্ঠিত উপ–নির্বাচনত শাসকীয় বিজেডিয়ে দুয়োখন আসনেই লাভ কৰে৷ আনপিনে, উত্তৰ প্রদেশত ৭টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৬টাত জয়লাভ কৰাৰ বিপৰীতে সমাজবাদী পার্টীয়ে এটা সমষ্টিত জয়লাভ কৰে৷ আনপিনে, বিজেপিশাসিত মধ্যপ্রদেশত ২৮টা বিধানসভা সমষ্টিত অনুষ্ঠিত উপ–নির্বাচনত বিজেপিয়ে ১৯টা সমষ্টি লাভ কৰাৰ বিপৰীতে কংগ্রেছে মাত্র ৭টা সমষ্টিতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ ঝাৰখণ্ডত দুটা সমষ্টিত অনুষ্ঠিত উপ–নির্বাচনত ঝাৰখণ্ড মুক্তি মর্চাই এটা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে আনটো সমষ্টিত কংগ্রেছ প্রার্থী জয়ী হয়৷ গুৰুত্বপূর্ণ যে ১১খন ৰাজ্যৰ ৫৮টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত আশাপ্রদ ফলাফলেৰে বিজেপিয়ে ৪০খন আসন লাভ কৰি দলৰ শক্তিশালী স্থিতি প্রমাণিত কৰিলে৷