ক’ৰোনাত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ এতিয়াও মহামাৰী ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত আছে চুবুৰীয়া ৰাজ্য মেঘালয়ত। আজি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আক্ৰান্ত হৈছে ক’ৰোনাত। 

আজি টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড সংক্ৰমণৰ কথা অৱগত কৰে আৰু বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক টেষ্ট কৰাৰ উপৰিও সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷

বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ক’ভিডৰ সামান্য লক্ষ্যণে দেখা দিছে আৰু তেওঁ হ’ম আইছ’লেশ্যনত আছে বুলি জানিবলৈ দিছে।

Featured