মিজোৰামত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৩৩৩ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মিজোৰামত দৈনিক বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ ৰাজ্যখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,৩৩৩ জন।

যাৰ ভিতৰত ৫৮৩ টা সক্রিয় ঘটনাৰ বিপৰীতে ৭৫০ জন লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি গৈছে।