নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ‘দিল্লী আৰু উত্তৰ–পূর্বাঞ্চলৰ মাজত ব্যৱধান হ্রাস, মানসিকতাৰ পৰিৱর্তন আৰু সমগ্র উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন সাধন কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সদায়ে চেষ্টা কৰি আহিছে৷ উন্নয়নৰ কাৰণে আঠোখন ৰাজ্যক তেওঁ অভিহিত কৰিছে অষ্টলক্ষ্মী নামেৰে৷ এটা সময়ত উত্তৰ–পূর্বাঞ্চলক দুর্নীতিৰ বাবে জনা গৈছিল৷ কিন্তু এতিয়া আঠোখন ৰাজ্যতে নেডাৰ চৰকাৰ আছে৷ দিল্লীৰ পৰা আঠখন ৰাজ্যৰ বাবে প্রেৰণ কৰা ধন উন্নয়নৰ নামত ব্যয় হয়৷’ –এই মন্তব্য কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহৰ৷ ত্রিপুৰাৰ ৫০সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেঞ্চিংযোগে দিয়া ভাষণত তেওঁ ত্রিপুৰাবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷ ত্রিপুৰাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আর্য আৰু মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী শ্বাহে মাতৃ ত্রিপুৰা সুন্দৰীলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰে৷ তেওঁ ত্রিপুৰাবাসীৰ লগতে প্রতিষ্ঠা দিৱস উপলক্ষে মেঘালয় আৰু মণিপুৰৰ জনসাধাৰণকো শুভেচ্ছা জনায়৷ গৌৰৱোজ্জ্বল ইতিহাস থকা ত্রিপুৰা ভাৰতবর্ষৰ এখন গুৰুত্বপূর্ণ ৰাজ্য বুলি মন্তব্য কৰি তেওঁ কয় যে পৰৱর্তী ২৫ বছৰত ত্রিপুৰাই কি পর্যায় পাবগৈ সেয়া আমি কল্পনা কৰা উচিত৷ ‘সংকল্প ২০৪৭’, কেৱল এখন নথিয়েই নহয়, ই ত্রিপুৰাৰ জনসাধাৰণৰ আশা–আকাংক্ষাৰ প্রতীক৷ এয়া হ’ল ভৱিষ্যতৰ ত্রিপুৰাৰ ব্লুপ্রিণ্ট৷ ই প্রধানতঃ ৬টা ক্ষেত্র কৃষি, সামাজিক, সম্প্রীতি, পৰিৱেশ–জলবায়ু পৰিৱর্তন, উদ্যোগ–বিনিয়োগ, প্রশাসনিক সংস্কাৰ আৰু টেলিকমিউনিকেচনক সামৰি লৈছে৷ সংকল্প ২০৪৭ৰ বাবে কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁৰ মতে ইয়াৰ জৰিয়তে মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱে ত্রিপুৰাবাসীৰ সন্মুখত এক লক্ষ্য দাঙি ধৰিছে৷তেওঁ পুনৰ কয় যে ২০১৮ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱ নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰে ত্রিপুৰাত ব্যাপক পৰিৱর্তন সাধন কৰিবলৈ সক্ষম হৈছে৷ ত্রিপুৰা চৰকাৰে তিনিটা ন– নিয়ত, নীতি আৰু নিয়মক সাৰোগত কৰি আগবাঢ়ি গৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ত্রিপুৰাৰ ৫০সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ ডাক বিভাগে এটা ডাক টিকটো মুকলি কৰে৷