ত্ৰিপুৰা আৰক্ষী মুখ্য কাৰ্যালয়ত ৪ NLFT ৰ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ নিষিদ্ধ ঘোষিত সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অফ ত্ৰিপাৰা (এনএলএফটি)ৰ চাৰিজন শীৰ্ষ সদস্যই বৃহস্পতিবাৰে অস্ত্ৰসহ আৰক্ষী মুখ্য কাৰ্য্যালয়ত আত্মসমৰ্পণ কৰে। ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান বিএছ যাদৱে কয় যে খাদ্য আৰু ধনৰ সমস্যাৰ লগতে তেওঁলোকে কোনো সহযোগিতা পোৱা নাছিল।

তেওঁলোকে দুটা AK-47, চাৰিটা মেগজিন, ১১৯ টা কাৰ্টিজ, এটা ৱায়াৰলেচ হেণ্ডছেট আৰু ১.৫০ লাখ কিয়াট (ম্যানমাৰৰ মুদ্ৰা) জমা দিছে। উল্লেখ্য যে নিষিদ্ধ সংগঠনটোৰ মুখ্য কাৰ্যালয় বাংলাদেশত আছে।

Featured