Viral Video: একেলগে সকলো সম্ভৱ! খাৱৈৰ পৰা ডাঙৰ ট্ৰাক ৰচীৰে টানি তুলিলে গাঁওবাসীয়ে…

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ একেলগে কৰিলে বহু কঠিন কামো সহজ হৈ পৰে। যাৰ জলন্ত উদাহৰণস্বৰূপে ক’ব পাৰি শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ৰ কথা। এখন ডাঙৰ ট্রাক দ’ খাৱৈৰ পৰা টানি টানি তুলিলে গাঁওবাসীয়ে।

এই ঘটনা নাগালেণ্ডৰ। দুর্ঘটনাবশতঃ এখন ডাঙৰ ট্ৰাক দুৰ্ঘটনাত পতিত হৈ দ খাৱৈত পৰি যায়। ইপিনে পাহাৰীয়া সৰু ৰাস্তাৰ বাবেই ট্ৰাকখন উদ্ধাৰৰ বাবে কোনো সঁজুলি ৰাস্তাত প্ৰৱেশ কৰিব পৰা নাছিল। যাৰ বাবে গাওঁবাসীয়ে নিজেই ট্ৰাকখন তুলাৰ ব্যৱস্থা লয় আৰু সকলোৱে ৰচীৰে টানি পুনৰ ৰাস্তালৈ উঠাই আনিবলৈ সমৰ্থ হয়।

ভিডিঅ’টো দেখুৱাইছে যে ১০০ৰো অধিক গাঁওবাসীয়ে ট্ৰাকখন উদ্ধাৰৰ চেষ্টা কৰি আছে।

চাওক ভিডিঅ’টো-