উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান ধুবুৰীৰ নেন্চি খেতায়তৰ

নিয়মীয়া বাৰ্তা, ২৭ জুন: এইবেলিৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত উজলি উঠিল ধুবুৰী জিলাৰ গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। নেন্চি খেতায়ত নামৰ সেই মেধাৱী ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিলে। ধুবুৰী চহৰৰ ৫ নং ৱাৰ্ডৰ সন্তোষ কুমাৰ খেতাৱত আৰু সুনীতা দেৱী খেতায়তৰ দুহিতা নেন্চিয়ে সৰ্বমুঠ ৪৭৩ নম্বৰ পাই লাভ কৰে চতুৰ্থ স্থান। ভৱিষ্যতে এগৰাকী চনদপ্ৰাপ্ত গাণনিক (Chartered Accountant) হোৱাৰ লক্ষ্য এই মেধাৱী ছাত্ৰীগৰাকীৰ।