উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনিআটীয় সত্ৰত চুৰি, দুটাকৈ দানপাত্ৰ ভাঙি চোৰে লৈ গ’ল প্ৰণামিৰ ধন

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ উত্তৰ গুৱাহাটী স্থিত ঐতিহাসিক আউনীআটী সত্ৰত ৰোৱা নিশা  চোৰ প্ৰবেশ কৰি  সত্ৰৰ দুটাকৈ দান পাত্ৰ ভাঙি সত্ৰৰ প্ৰনামিৰ ধন লুটি লৈ যায়। সত্ৰৰ দেউৰীয়ে নামঘৰৰ নিত্য নৈমিত্তিক কাম সমাপন কৰিবলৈ আহি প্ৰথমে প্ৰত্যক্ষ কৰে তলা ভঙা দানপাত্ৰ দুটা ।তাৰপাছতে হুৱাদুৱা লাগে সত্ৰখনৰ ভকত বৈষ্ণৱৰ মাজত । পিছত সকলোৱে প্ৰত্যক্ষ কৰে  যে সত্ৰৰ দান পাত্ৰ দুটাৰ তাৰা ভাঙি তাত থকা সমুদায়  প্ৰণামিৰ ধন চোৰে  লুটপাত কৰি লৈ যায়। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলিলৈ গৈ জোৰ তদন্ত আৰম্ভ কৰিছে। সত্ৰৰ মণিকূটৰ কাষৰ এখন দুৱাৰেৰে চোৰ প্ৰবেশ কৰাৰ সন্দেহ কৰা হৈছে। সত্ৰৰ দৰে পবিত্ৰ অনুষ্ঠান এটাত চোৰে এইদৰে লুটপাত চলোৱা কাৰ্য্যত মৰ্মাহত হৈ পৰিছে সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতামহৰ দেৱ গোস্বামী । চোৰৰ এই কাৰ্য্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে  আৰু এই চুৰি ঘটনাৰ জোৰ তদন্ত কৰি চোৰক ধৰা পেলাই দৃষ্টান্ত মূলক শাস্তিৰ পোষকতা কৰিছে তেওঁ। অঞ্চলটোৰ সচেতন মহলেও এই  পবিত্ৰ অনুষ্ঠানৰ চুৰি কাৰ্য্যৰ গৰিহণা দিয়াৰ লগতে  চোৰক যিকোনো উপায়ে ধৰা পেলায় কঠোৰ শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে।