কাৰ্বি- লাংপি জলবিদ্যুৎ প্ৰকল্পৰ শ্লুইচ গেট খোলাৰ ফলত কচুৱাত জল প্ৰলয়

নিয়মীয়া বাৰ্তা, ১৪ মেঃ বিগত কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুনৰ বাবে বৰপানী নদীৰ কাৰ্বি লাংপি জল বিদ্যুৎ প্ৰকল্পৰ উপৰ ভাগত পানী বৃদ্ধি পোৱাৰ বাবে নদী বান্ধৰ চাৰি খনকৈ শ্লুইচ গেট খুলি দিয়াৰ বাবে নামনিত নদী খনে জলপ্ৰলয়ৰ সৃষ্টি কৰিছে। কৰ্তৃপক্ষই ২,৩,৪ আৰু ৫ নং শ্লুইচ গ্যেট বৰ্তমানলৈকে খুলি ৰখাৰ ফলত বৰপানী আৰু কপিলী নৈ ফেনে ফুটুকাৰে বাঢ়ি নৈ কাষৰ গাওঁ সমুহ বুৰাই পেলাইছে। কপিলী আৰু বৰপানী নৈ জলপৃষ্ঠ অত্যাধিক বৃদ্ধিৰ ফলত আজি বিয়লি ভাগলৈ বৰপানী আৰু কপিলী নদীৰ বাঢ়নী পানীয়ে ন ন অঞ্চল বুৰাই পেলোৱাৰ সম্ভাৱনা থকাৰ ফলত নদীকাষৰীয়া অঞ্চলৰ ৰাইজক সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই ।

ইতিমধ্যে কচুৱাৰ লংজাপ, জুৰিৰপাৰ, মাধৱপাৰা, কান্দাপাৰা, ৰাঙলুবস্তি, হাতীখুতিকে ধৰি বহু অঞ্চল বৰপানী নৈ পানীয়ে বুৰাই পেলাইছে। বৰ্তমান নৈ কাষৰীয়া এই অঞ্চল সমুহত যিকোনো সময়তে বানপানীৰ ফলত হ’বলগা দূৰ্যোগ আৰু উদ্ধাৰ কাৰ্যৰ বাবে নগাওঁ আৰু হোজাই জিলাৰ এচ ডি আৰ এফ বাহিনী সষ্টম কৰি ৰখা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ। আনহাতে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত বিস্তীৰ্ণ অঞ্চল কপিলী নৈয়ে বুৰাই পেলাইছে। হাতীখুটিত থকা বাঁহৰ দলং খন বানপানীয়ে উটুৱাই নিয়াৰ ফলত কেবাখনো গাওঁৰ যোগাযোগ বন্ধ হৈ পৰিছে। ৰাইজে মুৰৰ ঘাম মাটিত পেলাই কৰা বড়ো ধানৰ খেতি পানীৰ তলত বুৰ যোৱাত কৃষকে মুৰে কপালে হাত দিব লগা হৈছে ।