ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যা কাণ্ডক তীব্ৰ গৰিহণা কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ: ৰাজ্য কপাই যোৱা ছাত্র নেতা অনিমেষ ভূঞা হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ লগতে আন একাংশ সাংবাদিকেও। আজি সন্দিয়া কলগাছিয়া মহকুমা সাংবাদিক সন্থাই অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনাৰে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন সংগঠনৰ নেতা আৰু কলগাছিয়াৰ শিক্ষা সচেতন ব্যক্তি উপস্থিত থাকি অনিমেষ ভুঞা হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমুলক শাস্তিৰ দাবী জনায়। আৰু এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰবাবে চৰকাৰ তথা প্ৰশাসনক দাবী জনায়।
অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ব্যক্তি সকলে ১ মিনিট সময় মৌণতা অৱলম্বন কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰে।

input: মফিদুল ইছলাম,কলগাছিয়া