জোনাইত চিয়াং নদীৰ বুকুৱেদি চোৰাং কাঠৰ ৰমৰমীয়া বেহা

নিয়মীয়া বাৰ্তা, ৩জুলাই: জোনাইত বাৰিষাৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে চলাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷ জোনাইৰ একমাত্ৰ সংৰক্ষিত পবা বনাঞ্চলৰ পৰা অবৈধভাৱে গছ কাটি চিয়াংৰ বুকুৱেদি চোৰাংকৈ গছৰ খুণ্ডা সৰবৰাহ কৰি থকাৰ তথ্য লাভ কৰি থকাৰ সময়তে শনিবাৰে বিশেষ তথ্যৰ ভিত্তিত জোনাইৰ কেইজনমান সাংবাদিক আৰু স্থানীয় TMPK ৰ কেইজনমান কৰ্মীৰ নেতৃত্বত চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলাই চিয়াঙ নৈৰ বুকুত৷ উক্ত অভিযানৰ সময়ত চিয়াঙৰ বুকুৱেদি চোৰাংকৈ এখন নাৱত নিয়া কাঠৰ কুণ্ডা দলটোৱে জব্দ কৰে জোনাই বন বিভাগৰ সহায়ত৷ নাওখনত বহু মূল্যৱান কাঠৰ খুণ্ডা নিয়া হৈছিল চোৰাংকৈ ৷ ইয়াৰ সমান্তৰালকৈ চিয়াংৰ নদীৰ বুকুত থকা চৰ চাপৰি সমূহত কেবাটাও কাঠৰ খুণ্ডা লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰে দলটোৱে৷ বাৰিষাৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে জোনাইৰ পবা বনাঞ্চলৰ পৰা মূল্যবান গছ কাটি এনেদৰে চিয়াঙ নদীৰ বুকুৱেদি চোৰাংকৈ নি ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ কৰিছে স্থানীয় TMPK কৰ্মীয়ে৷ এনে চোৰাং কাৰ্যত জোনাই বনবিভাগৰ অন্তৰ্গত তিনিমাইল বিটৰ একাংশ বন কৰ্মীও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে TMPK কৰ্মীয়ে। সেয়ে এনে চোৰাং কাঠ ব্যৱসায় বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে৷

Featured