নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ: সপ্তমীৰ সন্ধিয়া এতিয়া ধুবুৰীৰ পূজা মণ্ডপে মণ্ডপে ৰাইজৰ বিৰ দি বাট নোপোৱা পৰিৱেশ। ৰাইজক আকৰ্ষিত কৰিবলৈ অভিনৱ মণ্ডপ সজ্জাৰে টঙালি বান্ধিছে দুৰ্গা পূজাৰ আয়োজক সকলেও। কোনো পুজা মণ্ডপত যদি আকৰ্ষণীয় আলোক সজ্জাৰ বাহাৰ, অইন একাংশত আকৌ দেখা গৈছে নিজৰ পূজা মণ্ডপেৰে ৰাইজক এক বিশেষ বাৰ্তা প্ৰদান কৰাৰ প্ৰয়াস আয়োজকসকলৰ। ইয়াৰ মাজতে ধুবুৰীৰ পাল পাৰাৰ ‘‘সাৰ্বজনীন দুৰ্গা পূজা কমিটি‘য়ে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ‘‘আজাদী কি অমৃত মহোৎসৱ’’ শীৰ্ষক বাৰ্তাৰে নিৰ্মাণ কৰা পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এইবেলি ৬৩ বৰ্ষত ভৰি দিয়া এই ৰাজহুৱা দুৰ্গা পূজাখন অভিনৱ মণ্ডপৰ সমান্তৰালক আকৰ্ষণীয় আলোক সজ্জা আৰু দুৰ্গা প্ৰতিমাৰ এক বিশেষ মনোমোহা ৰূপে মোহিত কৰা পোৱা গৈছে বহুতোকে।