প্ৰতীক্ষা আৰু সোনাইপৰীয়া হস্তশিল্প প্ৰডিউচাৰ কোঃ লিঃৰ দ্বাৰা বানপীড়িতক সাহায্য বিতৰণ

নিয়মীয়া বার্তা, ২৬ জুনঃ কলঙৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানপানীয়ে এতিয়া ইটাপাৰা, লাঁওগাওঁ, মাজৰাটি আদি অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে । বানপানীয়ে বিপৰ্য্যস্ত কৰা নগাঁও জিলাৰ এই অঞ্চলসমূহত চাউল, চিৰা, মুৰি, মিঠাতেল, আটা আৰু শিশুৰ প্ৰয়োজনীয় খাদ্যৰ উপৰিও পশুৰ খাদ্যও যোগান ধৰে নগাঁও জিলাৰ আগশাৰীৰ বে-চৰকাৰী সংস্থা প্ৰতীক্ষাৰ সম্পাদিকা নাজিয়া হাচান চৌধুৰী, পূৰ্ণিমা ডেকা আৰু ইয়াৰ কৰ্ম-কৰ্তাসকলে। নৱ-গঠিত সোনাইপৰীয়া হস্তশিল্পী প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক তৈয়াবুৰ ৰহমানেও আজিৰ এই সাহায্য শিবিৰত উপস্থিত থাকি বান-পীড়িত সকলৰ মাজত খোৱা পানীৰ বটল, গা-ধোৱা চাবোন, ত্ৰিপাল আদিৰ যোগান ধৰা আমাৰ পৰিলক্ষিত হয় । এই দুয়োটা সংগঠনে বান-পীড়িত সকলৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই মানৱতাৰ পৰিচয় দাঙি ধৰে । লগতে এই দুয়োটা সংগঠনে নগাঁও জিলা প্ৰশাসনক বান-পীড়িত সকলৰ মাজত যথেষ্ট পৰিমাণৰ ঔষধ, ফেনাইল, তথা চিকিত্সা সেৱা আগবঢ়াবলৈ অনুৰোধ জনায় ।