বালিপৰাৰ সৈনিক নৰেন চন্দ্ৰ দাসক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি; স্মৰণিকা উন্মোচন

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ শোণিতপুৰৰ বালিপৰাত দালাই লামাক চীনা সীমান্তৰপৰা সুৰক্ষিতভাৱে ভাৰতলৈ উদ্ধাৰ কৰি অনা প্ৰাক্তন সেনা জোৱান, খেলুৱৈ সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি উদমাৰীগাঁৱত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত ৰঙাপৰা সমষ্টিৰ বিধায়কৰ তত্বাৱধানত আৰু দাসৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হয় । শ্বহীদ পৰিয়ালৰ লক্ষীৰামৰ দাসৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় । সভাত ৰঙাপৰা বিধায়ক কৃষ্ণ কমল তাঁতীয়ে উন্মোচন কৰে প্ৰয়াত দাসৰ জীৱনপঞ্জীসম্বলিত এখন স্মৰণিকা । অনুষ্ঠানত ভালেমান দল-সংগঠন বিষয়ববীয়া, ৰাইজ, পৰিয়ালৰ লোক উপস্থিত থাকি দাসক শ্ৰদ্ধাঞ্জলি জনায় ।