বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী পূৱ জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু মণ্ডল সকলৰ সহযোগত হৰ ঘৰ ত্রিৰংগা সজাগতা মুলক বিশাল বাইক ৰেলী

 

নিয়মীয়া বাৰ্তা ১৪ আগষ্ট = দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্রিৰংগা কার্যসূচীৰ সফল কৰাৰ বাবে বিলাসীপাৰা পূব আৰু পশ্চিম সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী পূৱ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি তথা যোৱা বিধান সভা নিৰ্বাচনৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডক্টৰ আবু বক্কাৰ ছিদ্দিকৰ নেতৃত্বত মণ্ডল সকলৰ সহযোগত বিলাসীপাৰা পূব সমষ্টিৰ শালকোচাৰ পৰা বিলাসীপাৰা পশ্চিম সমষ্টিৰ বগৰীবাৰী ২৫ হাত কালী মন্দিৰ লৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিশাল বাইক ৰেলী কাৰ্যসূচী ৰুপায়ন কৰে।

উক্ত সজাগতামূলক কাৰ্যসূচী বাইক ৰেলীত বিজেপিৰ ধুবুৰী পূব জিলা সভাপতি প্ৰফুল্ল কলিতা, ধুবুৰী পূৱ জিলা সংখ্যালঘু মৰ্চাৰ প্ৰবাৰী ৰহিম জিব্ৰান, বিলাসীপাৰা টাউন কমিটিৰ ৬নং ৱাৰ্ড কমিচনাৰ আনোৱাৰ হুছাইন (আমু) দাৰ লগতে বিজেপিৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰি বাইক ৰেলী কাৰ্যসূচী সাফল্যমণ্ডিত কৰে। প্রেৰক = মতিয়ৰ ৰহমান / বগৰীবাৰী