মায়ঙৰ বুৰগাঁৱত অনুসূচীত জাতি উন্নয়ন পৰিষদৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আজি মায়ঙৰ বুৰগাঁও খেল পথাৰত অনুসূচীত জাতি উন্নয়ন পৰিষদৰ দ্বাৰা সহস্ৰাধিক শিক্ষাৰ্থীৰ লগতে হিতাধিকাৰীক বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰা হয়। অনুষ্ঠানত জাগীৰোড সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য  মন্ত্ৰী পীযুষ হাজৰিকাই পকৰীয়া মৌজাৰ ১৬ খন বিদ্যালয়ৰ অনুসূচীত জাতিৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ  মাজত বিতৰণ কৰে বহী,ফিল্টাৰ আৰু চিলাই মেচিন আদি।  মন্ত্রী হাজৰিকাই চাৰি গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আনুষ্ঠানিক ভাৱে বিতৰণ কৰি এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে।

জিলা অনুসূচীত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ সুকুমাৰ চৰকাৰে আদৰণি ভাষণ দিয়াৰ পিছতেই মন্ত্ৰী হাজৰিকাই বুৰগাঁও খেলপথাৰত উপস্থিত থকা প্ৰায় তিনি সহস্ৰাধিক ৰাইজক সমষ্টি উন্নয়ন কৰাৰ ক্ষেত্ৰত বৰ্তমান লৈ কি কি পদক্ষেপ হাতত ললে সেই কথা উল্লেখ কৰে।বিনামূলীয়া চাউল,ঘৰ,অৰুনোদয় আঁচনি ৰ ধন,আত্ম সহায়ক গোটক অনুদান বিতৰণৰ দৰে চৰকাৰী আঁচনি সমূহৰ বিষয়েও ভাষণত উল্লেখ কৰে।সভাৰ অন্তত  সাংবাদিকে এ বি পি নিউজ আৰু চি ভোটাৰে অসম সম্পৰ্কে কৰা সমীক্ষা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় যে অসমত পুনৰ বিজেপিৰ চৰকাৰেই হব।কোনেও বাধা দি ৰাখিব নোৱাৰে।আমি আগৰে পৰাই কৈ আহিছিলো এই কথা।আমি ভবাত কৈ সমীক্ষাই অলপ কমকৈ হে দিছে। যিহেতু অসমৰ ৰাইজে বৰ্তমান ৰ চৰকাৰ খনে কৰা উন্নয়ন মূলক কাম কাজ বোৰ দেখিছে,সেয়ে চৰকাৰ বিজেপিৰে হব। ইয়াৰ পিচতে পাভকাটি পঞ্চায়তৰ  সিধাগুৰি গাঁৱত বিজেপিৰ মায়ং মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত  এক দলীয় সভাত মন্ত্ৰী গৰাকীৰ উপস্থিতিত বিভিন্ন দলৰ পৰা প্ৰায় ২০০ গৰাকী ধৰ্মীয় সংখ্যালঘু নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

এই যোগদান কাৰ্য্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মায়ং মণ্ডল বিজেপিৰ সভাপতি চন্দন দাস,জিলা অনুসূচীত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ সুকুমাৰ চৰকাৰ, মৰিগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাম প্ৰসাদ চৰকাৰ, যুৱনেতা লক্ষণ শইকীয়া আদি উপস্থিত থাকে।