মুছলপুৰত প্ৰশাসনৰ উদ্যোগত স্বচ্ছ অভিযান

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ: বাক্সা জিলাৰ মুছলপুৰত আজি প্ৰশাসনৰ উদ্যোগত এক বৃহৎ স্বচ্ছ অভিযান চলোৱা হয়। বাস্কা ৰাজহ চক্ৰৰ অন্তৰ্গত মুছলপুৰৰ ভিন্ন ঠাইত চলোৱা হয় এই চাফাই অভিযান। বাস্কা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি বৰা আৰু সংলগ্ন চক্ৰ বিষয়া মনোজ কুমাৰ দলেৰ নেতৃত্বত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমুহ কৰ্মচাৰীয়ে আজি মুছলপুৰ চহৰৰ ভিন্ন ঠাই পৰিষ্কাৰ কৰে। বাস্কা ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণ, মুছলপুৰ চ’ক, বজাৰ, দূৰ্গা মন্দিৰ প্ৰাংগন, খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণৰ উপৰি ৰাজপথৰ দুয়োকাষে হাতে হাতে ঝাৰু, বাঢ়নি আদি লৈ চাফ কৰা পৰিলক্ষিত হয়। আগন্তুক দূৰ্গা পূজা উপলক্ষে প্ৰশাসনৰ উদ্যোগত এইদৰে বৃহৎ স্বচ্ছ অভিযান কৰা হয় বুলি জানিবলৈ দিয়ে।