মৰিয়নিত পথ দুৰ্ঘটনাত কণমানিৰ মৃত্যু জন্মদিনৰ দিনটোতেই মৃত্যু হ’ল নিকিতাৰ

নিয়মীয়া বাৰ্তাঃ ২১ মাৰ্চঃ যোৰহাট মৰিয়নি পথৰ ডকলংগীয়া অঞ্চলত আজি বিয়লি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত এগৰাকী তিনিবছৰীয়া কণমানি ছোৱালীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি গৈছে । ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নিৰ পৰা ডকলংগীয়া অভিমুখে গৈ থকা এখন ই ৰিক্সাক যোৰহাটৰ পৰা মৰিয়নি অভিমূখে আহি থকা এ এছ ০৩ – চি চি – ২৮৩৪ নম্বৰৰ এখন মালবোজাই টাটা ডি আই বাহনে তীব্ৰ জোৰত খুন্দা মৰাৰ ফলত এই শোকাবহ ঘটনা সংঘটিত হয় । যোৰহাট মৰিয়নি পথৰ ডকলংগীয়াৰ ৰামদেৱ বাবা মন্দিৰৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত ই ৰিক্সাখনত থকা চালকসহ চাৰিজন যাত্ৰীৰ আটাইকেইজনেই গুৰুতৰৰূপে আহত হয় । ইয়াৰে নিকিতা চাওৰা নামৰ এজনী কণমানি ছোৱালীৰ অৱস্থা সংকটজনক হৈ পৰে । আটাইকে মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয় যদিও চিকিৎসকে নিকিতাক মৃত ঘোষনা কৰে । দুৰ্ভগীয়া মৃত তিনিবছৰীয়া কণমানিজনীৰ আজি জন্মদিন আছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে জন্মদিনৰ দিনাই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল কণমানিজনীয়ে । মৃত নিকিতা চাওৰা ডকলংগীয়া চাহ বাগিচাৰ পাঁ‌চ নম্বৰ লাইনৰ অমিত চাওৰাৰ কণ্যা আছিল । দুৰ্ঘটনাত কণমানিজনীৰ মাতৃ বীনা মুণ্ডা আৰু পেহীয়েক লক্ষ্মী নাগবংশীৰ লগতে ই ৰিক্সাখনৰ চালক বাপ্পী দেও আহত হয় । পিছত মৰিয়নিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন জব্দ কৰি থানালৈ আনে । শোকাবহ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ‌ পেলাইছে ।

দিব্যজ্যোতি শইকীয়া