নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: দুৰ্গা পূজাৰ উলহ মালহৰ মাজতেই মৰিগাঁও জিলাৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। লাহৰীঘাটৰ তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত লাহৰীঘাটৰ তিনিচুকীয়াত ৩০ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ, ২ দুটা খালি কণ্টেইনাৰ,মোবাইলফোন সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুটা হল আজাহাৰুল ইছলাম আৰু আশ্বাদুল ইছলাম । উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাই অঞ্চলটোত চলাই আহিছিল ড্ৰাগছৰ বেহা।