লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰী আটক। মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যুটীয়া অভিযানত গোপন সূত্ৰৰ পমখেদি ধিঙ্গৰআটিৰ পৰা ২ ড্ৰাগছ সৰবৰাহ কাৰী আটক কৰে। আটক কৰা ড্ৰাগছ সৰবৰাহ কাৰী দুজন ক্ৰমে ধিঙ্গৰআটিৰ ছাদ্দাম হুছেইন আৰু ইনামুল হক । ধৃত ড্ৰাগছ সৰবৰাহ কাৰী দুটাৰ পৰা ড্ৰাগছ ভৰ্তি ২৯ টা কন্টেইনাৰ আৰু ২ টা মোবাইল জব্দ কৰে আৰক্ষীয়ে। সম্প্রতি দুয়োকে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন কন্টেইনাৰ সহ ৩৮.৬৭ গ্ৰাম।