শিলচৰৰ অসম বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, উপাচার্যক অপসাৰণৰ দাবী আকছাৰ

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত পুৱাৰ ভাগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰা হয়। স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তিৰ ক্ষেত্রত মেধা ছাত্রছাত্রীক বঞ্চিত কৰা, স্নাতক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্রছাত্রীক স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তিৰ সুবিধা দিয়া, স্নাতক পৰীক্ষাৰ নম্বৰক প্রাধান্য নিদি নিজৰ ইচ্ছামতে মেধাৰ তালিকা প্রস্তুত কৰা আদি কেবাটাও অভিযোগ উত্থাপন কৰি সদৌ কাছাৰ- কৰিমগঞ্জ- হাইলাকান্দি ছাত্র সন্থা চমুকৈ ‘আকছা’ সোমবাৰে অসম বিশ্ববিদ্যালয়ত উত্তাল প্রতিবাদী কাৰ্যসূচী পালন কৰে। বিশ্ব বিদ্যালয়ৰ মূল প্রবেশ দ্বাৰ বন্ধ কৰি ছাত্র সংগঠনটোৱে মেধাৰ ভিত্তিত ছাত্রছাত্রী সকলক স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তিৰ দাবী জনায়। অসম বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ দিলীপ চন্দ্র নাথৰ ব্যৰ্থতাৰ ফলতে বৰাকৰ একমাত্র উচ্চ শিক্ষাৰ কেন্দ্রস্থল এই কেন্দ্রীয় বিশ্ববিদ্যালয় খনত নাম ভৰ্তিৰ পৰা বঞ্চিত হব লগা হৈছে বৰাক সহ ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ মেধাৱী ছাত্রছাত্রীসকল। এই দিনা এই অভিযোগ উত্থাপন কৰি আকছাৰ মুখ্য উপদেষ্টা ৰুপম নন্দী পুৰকায়স্থৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীয়ে বিক্ষোভ কাৰ্যসূচী পালন কৰে। ছাত্ৰ নেতা ৰূপম নন্দী পুৰকায়স্থই শীঘ্রে উপাচাৰ্য দিলীপ চন্দ্র নাথক অপসাৰনৰ দাবী জনায় ।