ৰঙিয়াত বন্যাৰ্তক সাহাৰ্য ভৱেশ কলিতাৰ; বানাক্ৰান্ত‌ই শীঘ্ৰে লাভ কৰিব ক্ষতিপূৰণ

নিয়মীয়া বাৰ্তা ,  ২৬ জুন: শেহতীয়া বানত ৰাজ্যৰ ২৫ খনকৈ জিলাত বিস্তৰ ক্ষতিসাধন হৈছে । এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত সাহাৰ্য দিয়া হৈছে । বানত ক্ষতিগ্ৰস্ত ৰাইজে শীঘ্ৰে লাভ কৰিব ক্ষতিপূৰণ । ৰঙিয়াত এই ঘোষণা বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাৰ । আজি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কলিতাই কয় যে বানপীড়িত অঞ্চলত পশুধনৰ বাবেও সাহাৰ্য দিয়া হৈছে । ইতিমধ্যে পুনৰ সংস্থাপনৰো পদক্ষেপ গ্ৰহণৰ কথা সদৰি কৰি কলিতাই কয় যে অতিশীঘ্ৰে অনলাইন প্ৰক্ৰিয়াৰে ভুক্তভোগী লোকসকলৰ বাবে আবেদনৰ প্ৰক্ৰিয়াৰ মুকলি কৰা হব। আংশিক আৰু সম্পূৰ্ণ ক্ষতিগ্ৰস্ত লোকসকলে আৰ টি জি এছ প্ৰক্ৰিয়াৰে ক্ষতিপূৰণৰ লাভ কৰিব । ৰঙিয়াত বান সাহাৰ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয় কলিতাই ।